চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাৰোডত আছু কৰ্মীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:49 AM IST

thumbnail

বৰপেটাৰোড, 25 জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বুধবাৰে বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৰপেটাৰোডৰ আছুৰ শ্বহীদ ভৱনৰ সন্মুখত চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কাৰ্যসূচীৰ লগতে চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদাস্থলী উত্তপ্ত কৰি তোল আছু কৰ্মীয়ে ৷

উল্লেখ্য যে, মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ অসম চৰকাৰে লোৱা সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ অতি শীঘ্ৰে চৰকাৰে এনে সিদ্ধান্ত বাতিল নকৰিলে ৰাজ্যত অধিক তীব্ৰতৰ হ’ব প্ৰতিবাদ ৷ এই মন্তব্য কৰে বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণবজ্যোতি শৰ্মাই ৷

লগতে পঢ়ক : মাধ্যম বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ আছু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.