মাধ্যম বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ আছু

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 8:01 PM IST

thumbnail

ৰঙিয়া, 24 জানুৱাৰী : মাধ্যম বিতৰ্কক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো আছুৱে কৰিছে প্ৰতিবাদ । চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰিলে ৰঙিয়া । ৰঙিয়াৰ হাইৱে চ'কত পথ অৱৰোধ কৰে আছু কৰ্মীয়ে । পথ অৱৰোধৰ অন্তত কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ । অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শিক্ষামন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰিলে প্ৰতিবাদকাৰীসকলে । 

ৰঙিয়াৰ বৈদ্যগড়ৰ ৰাজপথতো আছুৱে কৰিলে উত্তাল প্ৰতিবাদ । ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তৰণী পঞ্চায়ত চ’কত কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই । বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নৱজিৎ কলিতাৰ নেতৃত্বত প্ৰতিবাদ কালত সংগঠনটোৰ কামৰূপ জিলা উপ-সভাপতি বিশ্ব কলিতাইয়ো অংশগ্ৰহণ কৰে । প্ৰতিবাদ স্থলীত তুলসীবাৰী আৰক্ষী চকীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক : মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.