জ্যেষ্ঠ সাংবাদিক মজিবৰ ৰহমানলৈ আছুৰ বৰপেটা বঁটা - Journalist Majibur Rahman

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 7:23 PM IST

thumbnail

বৰপেটা, ৬ এপ্ৰিল : বিগত বছৰসমূহৰ দৰে এইবাৰো পহিলা ব'হাগত বৰপেটা পৌৰসভাৰ খেলপথাৰত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হ'ব । উক্ত দিনাই বিহু বাকৰিত অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট সাংবাদিক তথা সমাজ সেৱক মজিবৰ ৰহমানক প্ৰদান কৰা হ'ব 'বৰপেটা বঁটা' ৷

শনিবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৷ অনুষ্ঠানত বৰপেটা জিলা আয়ুক্ত আয়ুষ গাৰ্গৰ উপস্থিতিত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে উক্ত বঁটাটো নলবাৰীৰ সাংবাদিকগৰাকীক প্ৰদান কৰিব ৷ ৰঙালী বিহু উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি আছুৰ নেতাসকলে অৱগত কৰে । কণ্ঠশিল্পী বিপিন চাওদাঙে এই অনুষ্ঠানত গীত পৰিৱেশন কৰিব ।

লগতে পঢ়ক :বিশিষ্ট সাহিত্যিক ড° প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান, বৌদ্ধিক জগতত শোকৰ ছাঁ - Dr Pranabjyoti Deka Passes Away

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.