ETV Bharat / state

বিশিষ্ট সাহিত্যিক ড° প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান, বৌদ্ধিক জগতত শোকৰ ছাঁ - Dr Pranabjyoti Deka passes away

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 3:44 PM IST

Pranabjyoti Deka passes away
বিশিষ্ট সাহিত্যিক ড৹ প্ৰণৱজ্যোতি ডেকাৰ মৃত্যু

Pranabjyoti Deka passes away : শনিবাৰে দেহাৱসান ঘটে বিশিষ্ট সাহিত্যিক ড৹ প্ৰণৱজ্যোতি ডেকাৰ ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ ৷ 2023 বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷

ড° প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান

গুৱাহাটী, 6 এপ্ৰিল : বিশিষ্ট সাহিত্যিক ড৹ প্ৰণৱজ্যোতি ডেকা আৰু নাই ৷ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত বিশিষ্ট সাহিত্যিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ ৷ মৃত্যুৰ সময়ত পত্নী, এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক এৰি যায় তেওঁ ৷

যোৱা কিছু ধৰি অসুস্থ হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী ৷ যাৰ বাবে পৰিয়ালৰ লোকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল ৷ শুকুৰবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু আজি তেওঁ ইহলীলা সম্বৰণ কৰে ৷ তেওঁৰ মৃত্যুত সমগ্ৰ অসমতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ পিচত তেওঁৰ নশ্বৰ দেহ পোনে পোনে গুৱাহাটীৰ শিলপুখুৰীৰ কন্বাচলত থকা বাসভৱনলৈ অনা হয় ৷ তেওঁৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব বুলি বাতৰি লিখাৰ‌ পৰলৈকে পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷

উল্লেখ্য যে, 1939 চনৰ 21 জুলাইত কলিকতাত ড৹ প্ৰণৱজ্যোতি ডেকাৰ জন্ম হৈছিল ৷ স্কুলীয়া আৰু কলেজীয়া শিক্ষা তেওঁ কলিকতা, শ্বিলং আৰু গুৱাহাটীত গ্ৰহণ কৰিছিল ৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল তেওঁ ৷ পৰৱৰ্তী সময়ত তেওঁ পূৰ্বৰ অবিভক্ত ছোভিয়েট ৰাছিয়াৰ লেনীনগ্ৰেড খনি বিদ্যালয়ৰ পৰা অৰ্থনৈতিক ভূ-তত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷ ড৹ প্ৰণৱজ্যোতি ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ৷

অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ ডেকাৰ গল্প ইংৰাজী আৰু বাংলা ভাষালৈ অনুবাদ হৈছে ৷ ৰহস্য সাহিত্য, নাটক, ধর্ম, অভিধান, দ্বি-ভাষিক শব্দ সংগ্ৰহ, সমাজতত্ত্ব, বিজ্ঞান আদি বিষয়ো সামৰি লৈছে ডেকাৰ ৰচনাৰাজিয়ে ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে 2023 বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ৷ 'প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ৰ বাবে তেখেতে লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা ৷ ‘সোণৰ চামুচ মুখত লৈ’ সাহিত্যিকগৰাকীৰ আত্মকথা ৷ ভূ-তত্বৰ কেইবাটাও ক্ষেত্ৰত ডেকাৰ গবেষণা মৌলিক হিচাপে স্বীকৃত ৷

এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰ্চি লাছ আৰু অন্য গল্প, বিহুৱতী চৰাই আৰু অন্য গল্প, চর্যা গীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ব, Nilachal Kamakhya: Her History and Tantra, Scientific Evidences for Vedic Astrology, ৰত্ন-জ্যোতিষ আৰু বিজ্ঞান, Century old Castes, Tribes and Guild ড৹ প্ৰণবজ্যোতি ডেকাৰ উল্লেখনীয় গ্ৰন্থ ৷

লগতে পঢ়ক : ড৹ প্ৰণৱজ্যোতি ডেকালৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.