বঙাইগাঁৱত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহেৰে জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 3:48 PM IST

thumbnail

বঙাইগাঁও, 5 ফেব্ৰুৱাৰী : বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷ শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বঙাইগাঁও জিলা ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় , ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰক, আদি বিভিন্ন শ্ল’গানেৰে সংগঠনটোৰ নেতা-কৰ্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে অতি শীঘ্ৰেই ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে ৷ অন্যথা অনাগত দিনত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷ 
 

লগতে পঢ়ক : দলং বিচাৰি প্ৰতিবাদত নামিল কণ কণ শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.