মাধ্যম বিতৰ্ক: কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে কলিয়াবৰত আছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 5:36 PM IST

thumbnail

কলিয়াবৰ, 24 জানুৱাৰী : ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ মাধ্যম আন্দোলনৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰচলন কৰাৰ বাবে সিদ্ধান্ত লৈছে ৷ কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

কলিয়াবৰৰ কুঁৱৰীটোলত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰ তথা শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত অধিক তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

অসমীয়া ভাষা মাধ্যম বিৰোধী সিদ্ধান্ত মানি লোৱা নহ'ব, পুতলা শিক্ষামন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হয় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদৰ ফলত প্ৰায় আধাঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত ব্যাহত হৈ পৰে ৷ প্ৰতিবাদস্থলীত কলিয়াবৰ আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী সকল তৰ্ক-বিতৰ্কতো লিপ্ত হয় ৷ 

লগতে পঢ়ক : মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.