ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আছুৰ চাইকেল সমদল

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 3:33 PM IST

thumbnail

মাজুলী, 27 জানুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিবাদত আজি পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই চাইকেল সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই ৰাওনাপাৰৰ পৰা উলিওৱা এই চাইকেল সমদলত শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

অসম চৰকাৰ হায় হায়, মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, শিক্ষা মন্ত্ৰী গ’ বেক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰী সকলে কয় যে, ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰমত অসমীয়া ভাষাৰ পৰিবৰ্তে ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰা কাৰ্য সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলয় ৷ চৰকাৰে যেতিয়ালৈকে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি যাব বুলি কয় ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷

লগতে পঢ়ক : মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ চাইকেল ৰেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.