ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আছুৰ চাইকেল সমদল - Protest Against Government

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত আছুৰ চাইকেল সমদল (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 3:33 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 27 জানুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিবাদত আজি পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই চাইকেল সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই ৰাওনাপাৰৰ পৰা উলিওৱা এই চাইকেল সমদলত শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

অসম চৰকাৰ হায় হায়, মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, শিক্ষা মন্ত্ৰী গ’ বেক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰী সকলে কয় যে, ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰমত অসমীয়া ভাষাৰ পৰিবৰ্তে ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰা কাৰ্য সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলয় ৷ চৰকাৰে যেতিয়ালৈকে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি যাব বুলি কয় ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷

লগতে পঢ়ক : মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ চাইকেল ৰেলী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details