মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ চাইকেল ৰেলী
Cycle rally against anti-medium decision: অসম চৰকাৰৰ কেবিনেট বৈঠকত অসমীয়া ভাষা পৰিৱৰ্তে ইংৰাজী ভাষাত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত । শনিবাৰে পূৰ্বে ঘোষণা কৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাইকেল ৰেলীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৰ কৰ্মকৰ্তাসকলে ।

Published : January 27, 2024 at 2:29 PM IST
গোলাঘাট/মৰিগাঁও,২৭ জানুৱাৰী: অসম চৰকাৰে মাতৃভাষা মাধ্যম কেবিনেট সিদ্ধান্তৰ প্ৰতিবাদত কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে চাইকেল ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই । ৰাজ্যজুৰি সাব্যস্ত কৰা আছুৰ প্ৰতিবাদক সঁহাৰি জনাই গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থায়ো চাইকেল ৰেলীৰে সাব্যস্ত কৰে প্ৰতিবাদ ।
গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ শ্বহীদ ভৱনৰ সন্মুখৰ পৰা এক চাইকেল ৰেলীৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । যেতিয়ালৈকে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সকিয়নী প্ৰদান কৰে জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপ বৰঠাকুৰে ।
ইফালে দেৰগাঁৱতো অসমীয়া মাধ্যমক লৈ অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে আছুৱে চাইকেল ৰেলীৰে সাব্যস্ত কৰে প্ৰতিবাদ । কোনো কাৰণতেই অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ নিদিয়ে সদৌ অসম ছাত্ৰ সন্থাই । এই হুংকাৰ আছুৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীৰ ।
পূৰ্বে ঘোষণা কৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰাল কৈ মৰিগাঁৱত চাইকেল ৰেলীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাই । মৰিগাঁও জিলা ছাত্ৰ সন্থাই এক চাইকেল ৰেলী উলিয়াই মৰিগাঁও চহৰখন পৰিভ্ৰমণ কৰি মাধ্যম সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
মৰিগাঁও আছুৰ সদৰ কাৰ্যালয় গান্ধী ভৱনৰ পৰা উলিওৱা ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে মাধ্যম সন্দৰ্ভত লোৱা সিদ্ধান্ত শীঘ্ৰে সলনি নকৰিলে পৰৱৰ্তী সময়ত গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে ।
লগতে পঢ়ক: সোণাৰি পৌৰসভাৰ কৰ সংগ্ৰাহক বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ

