ETV Bharat / state

সোণাৰি পৌৰসভাৰ কৰ সংগ্ৰাহক বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 2:02 PM IST

Financial scam in Sonari Municipality
সোণাৰি পৌৰসভাৰ কৰ সংগ্ৰাহক বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ

Financial scam in Sonari: চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভাত ভয়ংকৰ বিত্তীয় কেলেংকাৰী । কেইবা মাহ ধৰি পলাতক কোটি টকা কেলেংকাৰীত লিপ্ত কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তা । দুটা মাহ পুৰ্বে এজাহাৰ দাখিলৰ পাছতো গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ।

সোণাৰি পৌৰসভাৰ কৰ সংগ্ৰাহক বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ

চৰাইদেউ,২৭ জানুৱাৰী: দুৰ্নীতিৰ নিমূৰ্লৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ । দুৰ্নীতি লিপ্ত হৈ গাঁওবুঢ়াৰ পৰা চৰকাৰী শীৰ্ষ বিষয়ালৈকে হাত দাঙিব লগা হৈছে । পিছে ইমানৰ পাছতো গা লৰা নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ । চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে চলি আছে অবাধ দুৰ্নীতি । চৰকাৰৰ নিৰ্দেশনাকো যেন কেৰেপ নকৰে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই । অৰ্থৰ লোভত নিৰীহ জনতাক মাধমাৰ শোধাই চলাই গৈছে দুৰ্নীতি । এইবাৰ চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভাৰ কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তাৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ ।

সোণাৰি পৌৰসভাৰ কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তাৰ বিৰুদ্ধে এক কোটিৰো অধিক টকাৰ ধন আত্মসাৎ কৰাৰ বিষয়ে সোণাৰি পৌৰসভাই ইতিমধ্যে তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে । জানিব পৰা অনুসৰি প্ৰথম অৱস্থাত ৩৬ লাখ টকা আত্মসাৎ কৰে আত্মগোপন শান্তনু শেখৰ সেনগুপ্তাই । বিভাগীয় হিচাপ পৰীক্ষণৰ সময়ত পোহৰলৈ আহে এই ভয়ংকৰ তথ্য ।

ইয়াৰ পাছতে পৌৰসভাৰ পৌৰপতিগৰাকীয়ে তদন্ত আৰম্ভ কৰাত এক কোটিৰো অধিক টকাৰ বিত্তীয় কেলেংকাৰী বিষয়টো পোহৰলৈ আহিছে । প্ৰায় দুমাহ পূৰ্বে ভয়ংকৰ অনিয়মৰ তথ্য লাভৰ পাছতেই সোণাৰি পৌৰসভা কৰ্তৃপক্ষই পৌৰসভাৰ কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।

কিন্তু আজি পৰ্যন্ত কোটি টকা কেলেংকাৰীত লিপ্ত হোৱা কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱাত সোণাৰি পৌৰসভাৰ কৰ্তৃপক্ষই আশ্চৰ্য্য প্ৰকাশ কৰিছে । শান্তনু শেখৰ সেনগুপ্তাৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা সোণাৰি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে সোণাৰি পৌৰসভাৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক: কয়লাখনিত নিহত লোকৰ বাসগৃহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.