ৰঙিয়াত আছুৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:15 PM IST

thumbnail

ৰঙিয়া, 1 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যজুৰি আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইয়াৰ সমান্তৰালকে ৰঙিয়াতো অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়ুৱাবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৱে প্ৰতিবাদী সমদল উলিয়াইছে ৷ 

ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা সংগঠনটোৱে সমদল কৰি ৰঙিয়া নগৰৰ মূল পথেৰে প্ৰতিবাদী সমদল উলিয়াই । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শিক্ষামন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ 

শীঘ্ৰেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰক বাতিল কৰিবলৈ দাবী কৰে আছুৱে । অন্যথা অনাগত দিনত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ জনাইছে সংগঠনটোৱে ৷

লগতে পঢ়ক: মাতৃভাষা মাধ্যমবিৰোধী সিদ্ধান্তক মানি নলয় আছুৱে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.