মাতৃভাষা মাধ্যমবিৰোধী সিদ্ধান্তক মানি নলয় আছুৱে
All Assam Students Union: ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠদান ইংৰাজীত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ । বৃহস্পতিবাৰেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় সমগ্ৰ ৰাজ্যত ৷

Published : February 1, 2024 at 3:45 PM IST
গুৱাহাটী, ১ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বৃহস্পতিবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে আজি অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়োৱাবলৈ লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবীত আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ বিভিন্ন জিলা সদৰত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপ দাহ কাৰ্যসূচী গ্ৰহণ কৰে ৷
ইপিনে গুৱাহাটীত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উজান বজাৰস্থিত শ্বহীদ ভৱনত প্ৰতিবাদী বিক্ষোভ সমদল উলিওৱা হয় । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নত কৰক, মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান কেৱল ইংৰাজীত পঢ়োৱাৰ সিদ্ধান্ত বাতিল কৰক, মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধৰ ষড়যন্ত্ৰ বন্ধ কৰক, অসম চৰকাৰ হায় হায়, শিক্ষামন্ত্ৰী হায় হায় আদি বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি আছুৰ শিক্ষা সম্পাদক টুটুমণি কলিতাই কয় যে অসম চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অৱমাননা কৰাৰ লগতে দেশৰ ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী স্থিতি গ্ৰহণ কৰিছে । ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী ভাষাত পাঠদানৰ সিদ্ধান্ত লৈছে । ইয়াৰ বাবে শিক্ষাখণ্ডৰ শক্তিশালী আন্তঃগাঁথনিৰ প্ৰয়োজন আছিল । দক্ষ শিক্ষক নিযুক্তিৰ প্ৰয়োজন আছিল । কিন্তু চৰকাৰে একোৱেই কৰা নাই । চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত আছুৱে আন্দোলন অব্যাহত ৰাখিব ।
লগতে পঢ়ক: মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ বিক্ষোভ সমদল

