মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ বজ্ৰনিনাদ - AASU PROTEST
🎬 Watch Now: Feature Video

Published : January 24, 2024 at 5:01 PM IST
টীয়ক, 24 জানুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ তিনিআলিত সদৌ অসম ছাত্ৰ সন্থা টীয়ক আঞ্চলিকে অসম চৰকাৰৰ মাতৃভাষা বিৰুদ্ধে লোৱা কেবিনেট সিদ্ধান্ত গ্ৰহণ নকৰাৰ প্ৰতিবাদত প্ৰতিকী কেবিনেট সিদ্ধান্তৰ দস্তাবেজ দাহ কৰে । ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ, শিক্ষামন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ।
উল্লেখ্য যে, অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলকভাৱে বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে ৷ ইয়াৰ পূৰ্বৰে পৰা অসমীয়া আৰু জনগোষ্ঠীয় ভাষা মাধ্যম বিৰোধী চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল আছুৱে ৷ অচিৰেই চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী পৰ্যায়ত আছুৱে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়ক : ধেমাজিতো আছুৱে জ্বলালে কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি