ধেমাজিতো আছুৱে জ্বলালে কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 3:48 PM IST

thumbnail

ধোমাজি, 24 জানুৱাৰী : ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তই কঁপাইছে ৰাজ্য ৷ মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ তীব্ৰ প্ৰতিবাদ ৷ 

অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলকভাৱে বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে ৷ ইয়াৰ পূৰ্বৰে পৰা অসমীয়া আৰু জনগোষ্ঠীয় ভাষা মাধ্যম বিৰোধী চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল আছুৱে ৷ আছুৰ তীব্ৰ বিৰোধৰ সত্ত্বেও গা লৰা নাছিল চৰকাৰৰ ৷ 

ইয়াৰ প্ৰতিবাদতে বুধবাৰৰ পৰা সমগ্ৰ অসমতে আন্দোলনৰ ঘোষণা কৰে আছুৱে ৷ তাৰে অংশস্বৰূপে ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজিৰ ৰাজপথত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে ৷ প্ৰতিবাদকাৰীসকলে ইয়াৰ সমান্তৰালভাৱে শিক্ষামন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় , হিমন্ত বিশ্ব শৰ্মা হায় হায়, মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক ইত্যাদি শ্ল’গানেৰে ধেমাজিৰ আকাশ বতাহ কঁপাই তোলে ৷ কোনো কাৰণতে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে আছুৱে ৷

লগতে পঢ়ক: মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.