মাধ্যম সন্দৰ্ভত নলবাৰীতো আছুৰ প্ৰতিবাদী কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 4:56 PM IST

thumbnail

নলবাৰী, ২৪ জানুৱাৰী: ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে ৰাজ্যজুৰি ৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷

মাধ্যম সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ বিৰোধিতাৰে আজি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থায়ো প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ৷ অসম চৰকাৰ হায় হায়, শিক্ষা বিভাগ হায় হায়, শিক্ষামন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷

নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে ৷

লগতে পঢ়ক: মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.