সোণাৰিত আৰক্ষীৰে হতাহতি আছু কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 6:28 PM IST

thumbnail

মৰাণ, ৫ জানুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ বাজেট অধিৱেশন । এই বাজেট অধিৱেশনত শিক্ষা বিভাগৰ পৰা আৰম্ভ কৰি কেইবাটাও বিভাগৰ বিধেয়ক উত্থাপিত হ'ব । বাজেট অধিৱেশন আৰম্ভ হোৱা দিনটোতে চৰাইদেউৰ সোণাৰিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰিলে আছুৱে । অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আজি চৰাইদেউ জিলা ছাত্র সন্থাই ।  

অসম চৰকাৰে চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান পাঠ্যক্রম মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত শিক্ষাদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । তাৰ বিৰোধিতাৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাই নগৰত মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে । আছুৰ প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে । প্ৰতিবাদত বাধা প্ৰদান কৰা আৰক্ষীৰ সৈতে হতাহতি হয় প্ৰতিবাদকাৰীৰ । 

লগতে পঢ়ক:ড৹ নগেন শইকীয়াক ক্ষমা খুজিলে অসম সাহিত্য সভাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.