‘কা’ সন্দৰ্ভত আছুৰ স্থিতি স্পষ্ট কৰিলে আছুৰ সভাপতি উৎপল শৰ্মাই

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:38 PM IST

thumbnail

ডিব্ৰুগড়, 6 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলে কৈ আহিছে । যি কথাই উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ সচেতন ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ।

‘কা’ আইন বিৰোধিতাৰে অসমৰ জনজীৱন স্থবিৰ কৰি দিয়াকৈ বৃহৎ আন্দোলন অসমত হৈ যোৱাৰ পাচত নাগৰিকত্ব সংশোধনী আইন সহজে অসমৰ ৰাইজে মানি ল’ব নোৱাৰে সেই কথা নিশ্চিত । ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি ঘোষণা কৰিছে অসমৰ বহু কেইটা দল-সংগঠনে ৷

মঙলবাৰে টেঙাখাতত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অধিৱেশনত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইনক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । আছুৰ সভাপতি গৰাকীয়ে কয়, ‘নাগৰিকত্ব সংশোধনী আইন বিজেপিৰ বাবে উপঢৌকন । লোকসভা নিৰ্বাচন অহাৰ লগে লগে এই বিলাক কথা কয় বিজেপি চৰকাৰে । ‘কা’ ৰ জৰিয়তে যদি অবৈধ বিদেশীক নাগৰিকত্ব দিব বিচাৰে, অসমৰ আবাল-বৃদ্ধ-বনিতা পুনৰ ৰাজপথলৈ নামিবলৈ বাধ্য হ'ব ।’

লগতে পঢ়ক : মাধ্যম বিতৰ্ক: লখিমপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.