মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ অনশন

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:02 PM IST

thumbnail

গোলাঘাট, ৭ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ কেবিনেটত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত শিক্ষাদান দিয়াৰ ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ যি হঠকাৰী সিদ্ধান্ত তাক লৈ সৰব হৈছে গোলাঘাট জিলা ছাত্ৰ সন্থাও । আজি (বুধবাৰ) গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শ্বহীদ ভৱনৰ সম্মুখত ১৩ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

যি সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অভিযান্ত্ৰিক শিক্ষা আৰু চিকিৎসা বিজ্ঞানৰ শিক্ষা মাতৃভাষা মাধ্যমত হ'ব লাগে বুলি মত পোষণ কৰে, তেনে সময়তে অসম চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ছাত্ৰ সন্থাই ।

শীঘ্ৰে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সকিয়নী প্ৰদান কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপ বৰঠাকুৰ আৰু সম্পাদক মিণ্টু গগৈয়ে । এই অনশন কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰে মাধ্যম সম্পৰ্কত লোৱা কেবিনেট সিদ্ধান্ত বাতিল কৰক, মাতৃভাষা মাধ্যমক হত্যা নকৰিব, গণিত বিজ্ঞানৰ পাঠ্যপুথি মাতৃভাষা মাধ্যমত প্ৰকাশ কৰক, মাতৃভাষা মাধ্যমৰ জয়যাত্ৰা অব্যাহত ৰাখক আদি বিভিন্ন শ্ল'গান সম্বলিত প্লে' কাৰ্ড লৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক : নলবাৰীত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.