নলবাৰীত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 9:59 AM IST

Updated : Feb 6, 2024, 10:29 PM IST

thumbnail

নলবাৰী, 6 ফেব্ৰুৱাৰী: সোমবাৰে সমগ্ৰ ৰাজ্যতে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নলবাৰীতো আছু কৰ্মীয়ে জ্বলালে শিক্ষামন্ত্ৰীৰ পুত্তলিকা । অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ জনায় ৰাজ্যজুৰি সংগঠনটোৱে গ্ৰহণ কৰে এই কাৰ্যসূচীৰ ।

প্ৰশাসনে প্ৰৱল বাধা আৰোপ কৰাৰ পিচতো নলবাৰী আছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা । শিক্ষামন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । মাতৃভাষা মাধ্যমৰ সৰ্ম্পকত লোৱা কেবিনেট সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী জনায় নলবাৰীৰ আছুৱে ৷

তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত প্ৰস্তুত কৰাৰ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেয়া কোনো কাৰণত মানি লোৱা নহ’ব বুলি কয় সংগঠনটোৱে ৷

লগতে পঢ়ক:  চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আছুৰ প্ৰতিবাদত উত্তাল গোলাঘাট

Last Updated : Feb 6, 2024, 10:29 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.