আছুৰ সত্ত্বা অবিহনে দীপাংক কুমাৰ নাথ এটা বৃহৎ শূন্য: শংকৰজ্যোতি বৰুৱা

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:19 PM IST

thumbnail

ডিব্ৰুগড়, 28 জানুৱাৰী : আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে বিজেপিত যোগদানক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ক্ষমতাৰ বাবে পাভলুটি মৰা নেতাই আছুক আঁচোৰ লগাব নোৱাৰে বুলি কটাক্ষ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বাক্যবাণ এৰিলে দীপাংক নাথলৈ ৷ 

আছুৰ সাধাৰণ সম্পাদক বৰুৱাই কয়, ‘‘আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ বাবে দুৰ্ভাগ্যৰ দিন । দীপাংক কুমাৰ নাথে ছাত্ৰ সন্থাৰ লগতে জাতিটোক গাড্ডাৰ কৰিছে । বিজেপি চৰকাৰৰ বিৰুদ্ধে ‘কা’ আন্দোলন কৰি 5 জনক শ্বহীদ কৰি বিজেপিত যোগদান কৰাটোৱে ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মীৰ মনত আঘাত দিছে । আছুৰ সত্ত্বা অবিহনে দিপাংক কুমাৰ নাথ এটা ডাঙৰ শূন্য ।’’

তেওঁ লগতে কয়, ‘‘সক্ৰিয় ৰাজনীতিলৈ অহাৰ পূৰ্বে আছুৰ নেতৃত্বৰে আলোচনা কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি নাথে পূৰণ নকৰিলে ৷ এবাৰো এটা শব্দ আমাক নক’লে ৷’’

লগতে পঢ়ক : কংগ্ৰেছী আৰু প্ৰাক্তন ছাত্ৰ নেতাৰে বিজেপিৰ আজি বৃহৎ যোগদান সমাৰোহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.