অসমতে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত এখন বজাৰ

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:35 PM IST

thumbnail

গোলাঘাট, 11 ফেব্ৰুৱাৰী: অসমত আছে ‘মোদী বজাৰ’ নামৰ এখন বিশেষ বজাৰ ৷ গোলাঘাট নগৰৰ মাজমজিয়াত বহে সাপ্তাহিক বজাৰখন ৷  বিশেষ বজাৰখনৰ বাবেই পুৱাৰে পৰা জিলাখনৰ বিভিন্ন অঞ্চলৰ লোকে আহি ভিৰ কৰে গোলাঘাট নগৰত ৷ বহু কম মূল্যত বজাৰখনত উপলব্ধ হয় বিভিন্ন সামগ্ৰী ৷ বিশেষকৈ পুৰুষ-মহিলাৰ কাপোৰ বহু কম দামতে পোৱা যায় বজাৰখনত ৷

আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বজাৰখন হৈছে অতি সুবিধাজনক ৷ কিয়নো মোদী বজাৰত কাপোৰ-কানিৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰয়োজনীয় বস্তু অতি কম দামতে ক্ৰয় কৰিব পৰা যায় ৷ সেয়ে ভিৰ আৰু বিক্ৰীও বেছি হয় মোদী বজাৰত ৷ শতাধিক বিক্ৰেতাই ভাল উপাৰ্জনো কৰে বজাৰখনত ৷

স্থানীয় লোকৰ মতে বজাৰখনে মোদী বজাৰ হিচাপে পৰিচয় লাভ কৰা প্ৰায় 12 বছৰ মানেই হ’ল ৷ বাহিৰৰ বজাৰত দুই-তিনি হেজাৰ টকাত বিক্ৰী হোৱা সামগ্ৰী মোদী বজাৰত এহেজাৰ টকাতকৈও কম দামতে পোৱা যায় ৷ প্ৰায় 100 টকাৰ পৰা ইয়াত উপলব্ধ হয় কাপোৰ ৷ অৱশ্যে কম দামত বিক্ৰী কৰিলেও কাপোৰৰ মান ভাল বুলিয়েই কয় গ্ৰাহকসকলে ৷

মোদী বজাৰে সমাদৰ লাভ কৰিছে সমগ্ৰ গোলাঘাট জিলাত ৷ প্ৰধানমন্ত্ৰীৰ নামত এখন বজাৰৰ নামকৰণ কৰা বিষয়টোৱে যথেষ্ট চৰ্চাও লাভ কৰিছে ৷

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গৰকিলে ৫০ বছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.