ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গৰকিলে ৫০ বছৰ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 7:51 PM IST

Kaziranga National Park: পঞ্চাশ বছৰীয়া হ’ল অসমীয়াৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৃটিছৰ দিনত ১০/১২ টা গঁড় থকা কাজিৰঙা আজিৰ এই পৰ্যায় পাইছেহি ৷ কাজিৰঙাৰ ইতিহাস আৰু সমল খুঁচৰি ইটিভি ভাৰতৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ এক বিশেষ প্ৰতিবেদন...

Kaziranga National Park
কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান
৫০ বছৰ হ’ল কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ

কাজিৰঙা, 10 ফেব্ৰুৱাৰী: কাজিৰঙা । নামেই যাৰ পৰিচয় । এটা খর্গ থকা গঁড়ক নিজৰ বুকুত স্থান দি বিশ্ব মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে কাজিৰঙাই । বন্যপ্ৰাণী আৰু বিভিন্ন উদ্ভিদৰ মেটমৰা সম্ভাৰেৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ উপৰিও ঢেকীয়াপতীয়া বাঘ, বনৰীয়া ম’হ, বনৰীয়া হাতী, দল হৰিণৰ লগতে বিভিন্ন প্ৰজাতিৰ জলচৰ, স্থলচৰ, উভচৰ, সৰীসৃপ পোৱা যায় ।

প্ৰকৃতিৰ মাজত নিজক হেৰুৱাই দিয়াৰ হেঁপাহতে চাগে বছৰ-বছৰ ধৰি বিভিন্ন দেশী-বিদেশী পর্যটক উপস্থিত হয়হি কাজিৰঙাত । হাতীৰ পিঠিত উঠি আৰু জীপ ছাফাৰিৰ সহায়েৰে এই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন আপুৰুগীয়া বন্যজন্তু নিচেই কাষৰ পৰা দৰ্শন কৰিব পাৰি ।

বিভিন্ন প্ৰকাৰৰ আপুৰুগীয়া বন্যজন্তুৰ ৰম্যভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমগ্ৰ পৃথিৱীৰ ভিতৰতে গুৰুত্ব থকা এটা খৰ্গ থকা গঁড়ৰ ৮০ শতাংশই পোৱা যায় । এই উদ্যানত যথেষ্ট সংখ্যক ঢেকীয়াপতীয়া বাঘ পোৱা যায় । বনৰীয়া ম’হৰ আটাইতকৈ বেছি সংখ্যাৰ গৰাকীও এই ৰাষ্ট্ৰীয় উদ্যান ।

বিলুপ্তপ্ৰায় দল হৰিণৰ বাসভূমি কাজিৰঙা উদ্যানত যথেষ্ট সংখ্যক বন্যহস্তী আছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত লতামাকৰি, নাহৰফুটুকীৰ লগতে ঘোং, ভালুক, বিভিন্ন প্ৰজাতিৰ চিকাৰী বনৰীয়া মেকুৰী, ছাগলী পহু, শৰ পহু, খটীয়া হৰিণ, সুগৰী পহু আদিৰ লগতে হলৌ বান্দৰ, লাজুকী বান্দৰ, শিয়াল, বনৰৌ, সাতটা প্ৰজাতিৰ কাছ, ডলফিন পোৱা যায় ।

বিশ্বজুৰি গুৰুত্ব থকা ২৫ টা প্ৰজাতিৰ পক্ষীৰ সংকটাপন্ন, অতি সংকটাপন্ন ২৩ টা প্ৰজাতিয়েই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় । ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত স্থানীয় পক্ষীৰ লগতে ছাইবেৰীয়া, চীন, জাপান, কোৰিয়া আদিৰ পৰা অহা পৰিভ্ৰমী পক্ষীও পোৱা যায় । উলুমৰা, ভেলাহাঁহ, তেলীয়া সাৰেং, শামুকভঙা, হয়কলী, ধৃতৰাজ, ধনেশ, হাড়গিলা, বৰটোকোলা, হেতুলুকা আদিকে ধৰি প্ৰায় ৫০০ বিধ চৰাই কাজিৰঙাৰ হাবিত পোৱা যায় ।

এই ৰাষ্ট্ৰীয় উদ্যান ৩৯ বিধ বিভিন্ন প্ৰজাতিৰ সৰীসৃপৰ আৱাসভূমি । কেইবাখনো বোৱতী নদীৰ লগতে প্ৰায় ২০০ খন প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা বিল-জলাশয়ৰে পৰিবিষ্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬০ বিধতকৈ বেছি প্ৰজাতিৰ মাছ আছে । জৈৱ-বৈচিত্ৰৰে ভৰপূৰ এই স্থান দৰ্শনৰ বাবে অহাৰ উপৰিও বিভিন্নজনে অধ্যয়নৰ বাবেও আহে ।

স্থানীয় ৰাইজ তথা চৰকাৰী বিভাগৰ সহযোগত প্ৰাণ পাই উঠা কাজিৰঙা উদ্যান মুঠৰ ওপৰত এখন মুকলি বিশ্ববিদ্যালয় । য’ৰ পৰা শিকিব পৰা, জানিব পৰা বহু কথা আছে । আনহাতে, যান্ত্ৰিক সভ্যতাৰ কৰাল গ্ৰাসৰপৰা প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰিবলৈ কাজিৰঙাতকৈ উৎকৃষ্ট স্থান দ্বিতীয় এখন নাই৷ ভৌগলিক অৱস্থানৰ ফালৰ পৰা ২৬ ডিগ্ৰী ৩০ মিনিটৰ পৰা ২৬ ডিগ্ৰী ৪৫ মিনিট উত্তৰ অক্ষাংশ আৰু ৯৩ ডিগ্ৰী ০৮ মিনিটৰ পৰা ৯৩ ডিগ্ৰী ৩৬ মিনিট পূব দ্ৰাঘিমাংশত অৱস্থিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ।

সমুদ্ৰ পৃষ্ঠৰ ৫৫ ৰপৰা ৭৫ মিটাৰ উচ্চতাত থকা কাজিৰঙা অৰণ্য ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি আছে । আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পূবা-পশ্চিমাকৈ ৪০ কি. মি. আৰু উত্তৰা-দক্ষিণাকৈ ১৩ কি. মি.৷ পশ্চিমৰ পৰা পূবলৈ এঢলীয়া কাজিৰঙা উদ্যান ব্ৰহ্মপুত্ৰৰ এখন আদৰ্শ প্লাৱনভূমি৷

ইতিহাস অনুসৰি, ইয়াণ্ডাবু সন্ধিৰ গইনা লৈয়ে বৃটিছে ১৮২৬ চনৰ পৰা অসমত শাসন আৰম্ভ কৰে । বগা ছাহাবে শাসন কৰি থকা কালছোৱাতে ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী ভিক্টোৰিয়া লেইটাৰ কাৰ্জন ফুৰিবলৈ আহিছিল কাজিৰঙা অঞ্চললৈ । সেই সময়ৰ প্ৰখ্যাত মাউত নিগনা চিকাৰী (বাপীৰাম হাজৰিকা)ৰ সহযোগত কাজিৰঙা হাবি চোৱাৰ ইচ্ছা প্ৰকাশ কৰে বৃটিছ মহিলাগৰাকীয়ে৷

হাতীৰ পিঠিত উঠি কাজিৰঙাৰ হাবিত ফুৰি থাকোতেই লেডী কাৰ্জনে অৰণ্যৰ ভূমিত কোনো জন্তুৰ ঠেঙৰ ছাপ দেখা পায় । সেই ঠেঙৰ ছাপ থকা জন্তুবিধ কি হ’ব পাৰে বুলি নিগনা চিকাৰীক প্ৰশ্ন কৰাত ব্ৰিটিছ মহিলাগৰাকীক নিগনাই জনায় যে সেয়াই গঁড় । লেডী কাৰ্জনে গঁড় দেখা নাপালেও গঁড়ৰ সুৰক্ষাৰ বাবে লৰ্ড কাৰ্জনক খাটনি ধৰে ৷ সেয়াই যেন আৰম্ভণি ।

লর্ড কার্জনেও বিষয়টো গুৰুত্ব সহকাৰে লয় । ১০/১২ টা গঁড় থকা কাজিৰঙা হাবি সংৰক্ষিত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে বৃটিছ চৰকাৰে । সেই মতে কাজিৰঙা হাবিক সংৰক্ষিত এলেকা হিচাপে ৰাখিবৰ প্ৰস্তাব গ্ৰহণ কৰা হয় । সেই মতেই ১৯০৮ চনৰ তিনি জানুৱাৰীত বৃটিছ চৰকাৰে 1442/5/1-6-1905 ৰাজপত্ৰযোগে কাজিৰঙা হাবিক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে ।

তথ্য অনুসৰি, কাজিৰঙা বনাঞ্চলক১৯০৫ চনত প্ৰস্তাৱিত সংৰক্ষিত এলেকা ১৯০৮ চনত সংৰক্ষিত বনাঞ্চল ১৯১৬ চনত প্ৰমোদ উদ্যান ১৯৫০ চনত বন্যপ্ৰাণী অভয়াৰণ্য, ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান, ১৯৮৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ২০০৭ চনত ব্যাঘ্ৰ প্ৰকল্পৰ মৰ্যাদা প্ৰদান কৰা হয় ৷ ২০১৭ চনত ভাৰতৰ ১০ খন আইক'নিক ক্ষেত্ৰত স্থান লাভ ।

ইয়াৰ মাজতে, ১৯৩৮ চনৰ পৰা কাজিৰঙা হাবি পর্যটকৰ বাবে মুকলি কৰা হয় । তদুপৰি, ২০০৫ বৰ্ষত কাজিৰঙা হাবিয়ে জৈৱ-বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত অন্যতম সফল শতবর্ষ সম্পূর্ণ কৰে৷ মূল ভূ-খণ্ড ৪২৯.৯৩ বৰ্গ কিল’মিটাৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বৰ্তমানৰ মাটিকালি ১০৩৯.২১ বৰ্গ কিল’মিটাৰ ৷ সম্প্ৰতি কাজিৰঙাৰ এলেকা বৃদ্ধি কৰি ১০ টা নতুন সংযোজন কৰা হ’ল৷

বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এই কাজিৰঙা নামৰ উৎপত্তি সন্দর্ভত বিভিন্নজনৰ বিভিন্ন মত আছে । আনকি, বছৰ বছৰ ধৰি কাজিৰঙা নামৰ উৎপত্তি সন্দৰ্ভত জনশ্ৰুতি চলি আহিছে । এই জনশ্ৰুতি অনুসৰি, এই অঞ্চলত কাৰ্জি আৰু ৰংগাই নামৰ এহাল কাৰ্বি সম্প্ৰদায়ৰ দম্পতী আছিল । অঞ্চলটোৰ শেষ বাসিন্দা এই দম্পতী হালৰ নামেৰেই অঞ্চলটোৰ নাম কাৰ্জি-ৰংগা হয় । পৰৱর্তী সময়ত ই কাজিৰঙা হয় ।

বিভিন্নজনৰ মতে, কার্জ+লাং+চু = কাজিৰঙা । কাৰ্বি ভাষাত কার্জ মানে ৰঙা ছাগলী । লাং মানে পানী আৰু চু মানে পানী খোৱা ঘাট । অর্থাৎ ৰঙা ছাগলীয়ে (হৰিণাই) পানী খোৱা ঘাট হিচাপে কার্জ লাংচুৰ পৰা কাজিৰঙা নামৰ উৎপত্তি হয় । বহুতে ক’ব বিচাৰে, কাৰ্বিসকলৰ এগৰাকী দেৱী কাৰ্জি ৰংহাপিৰ নামৰ পৰা কাজিৰঙা নামৰ উৎপত্তি হৈছে৷ ইয়াৰ উপৰিও কাজিৰঙা নামৰ উৎপত্তি সন্দৰ্ভত বিভিন্ন প্ৰবাদ আছে ।

যি কি নহওক, জনশ্ৰুতিৰ পৰা কাজিৰঙাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মর্যাদা লাভ কৰিবৰ সক্ষম হৈছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, বন্যপ্ৰাণী সংৰক্ষণ আইনৰ ৩৫ (৪)ৰ অধীনত কাজিৰঙা অভয়াৰণ্যক ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিলেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাৰ লোকসকল যেন প্ৰতিক্ষেত্ৰতে বঞ্চিত৷ যি স্থানীয় ৰাইজৰ বাবে কাজিৰঙাক লৈ আজি সকলোৱে গৌৰৱ কৰিব পাৰে, সেইসকল স্থানীয় জনগণৰ আজি গুৰুত্ব নাই৷ বন বিভাগৰ একাংশ বৰমূৰীয়াৰ বাবেই যেন দাঁতি কাষৰীয়া জনগণৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কেজুৱেল কৰ্মীসকল শোষণৰ বলি হৈছে ৷

১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদানৰ পাছতেই সম্প্ৰতি ৫০ বছৰ সম্পূৰ্ণ হ’ল৷ কিন্তু, সংৰক্ষণ ইতিহাসৰ ১২০ বছৰ অতিক্ৰম কৰা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আছেনে প্ৰয়োজনীয় আন্তঃগাঁথনি? কাজিৰঙাৰ নিৰাপত্তাত নিয়োজিত বনৰক্ষী বনপালকসকল সততে বন্যপ্ৰাণীৰ আক্ৰমণৰ বলি হয় । প্ৰয়োজন হয় তাৎক্ষণিক জৰুৰী চিকিৎসাৰ । কিন্তু, ১২০ বছৰীয়া ইতিহাস গৰকা কাজিৰঙাত আজিও নহ'ল উদ্যানৰ নামত এখন সকলো সুবিধা থকা নিজা চিকিৎসালয় ।

বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় আৰু কহঁৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ প্ৰাথমিক চিকিৎসালয়ৰ বাহিৰে নাই কোনো বিকল্প । এইটো কেৱল মাত্ৰ দুই-এক দিশ । আমি আশা ৰাখিম, কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰাৰ ৫০ সংখ্যক বৰ্ষই চৰকাৰী পক্ষক শুভ বুদ্ধি দিব আৰু সঁচা অৰ্থত কাজিৰঙা সকলোৰে হৃদয়ত বাজি থাকিব ৷

লগতে পঢ়ক: প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱৰ মাজতে 120 বছৰ গৰকিলে কাজিৰঙাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.