ETV Bharat / state

প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱৰ মাজতে 120 বছৰ গৰকিলে কাজিৰঙাই

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:51 PM IST

Kaziranga National park : এক ঐতিহাসিক ক্ষণত উপনীত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । 1905 চনত কাজিৰঙা সংৰক্ষণৰ ইতিহাস আৰম্ভ হোৱাৰে পৰা 120 বছৰ গৰকিলে কাজিৰঙাই । অৱশ্যে আজিও উদ্যানখনৰ ভিতৰত নাই চিকিৎসালয়ৰ ব্যৱস্থা ৷ অধিকাংশ বনকৰ্মীক নিযুক্তি দিয়া হৈছে ঠিকাভিত্তিত ৷

Kaziranga National Park has no infrastructure
কাজিৰঙাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱৰ মাজতে কাজিৰঙাই ভৰি দিব 120 বছৰত

গোলাঘাট, 7 ফেব্ৰুৱাৰী: এক ঐতিহাসিক ক্ষণত উপনীত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । 1905 চনত কাজিৰঙা সংৰক্ষণৰ ইতিহাস আৰম্ভ হোৱাৰে পৰা 120 বছৰ গৰকিলে কাজিৰঙাই । 1904 চনত কলিকতাৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জনে কাজিৰঙাত এশিঙীয়া খড়্গ থকা গঁড় আছে বুলি গম পায় চাবলৈ আহিছিল । হাতীত উঠাই গঁড় দেখুৱাবলৈ নিছিল তেতিয়াৰ কাজিৰঙাৰ হাতীমাউট নিগনা চিকাৰীয়ে । ভাল নাম বলোৰাম হাজৰিকাই ।

কিন্তু এটাও গঁড় দেখা নেপালে লেডীগৰাকীয়ে । কিন্তু নিগনা চিকাৰীৰ পৰা কাজিৰঙাৰ গঁড় সম্বন্ধে বিশেষ তথ্য লাভ কৰিছিল । ঘূৰি গৈ গঁড় সংৰক্ষণৰ বাবে আহ্বান জনাইছিল লৰ্ড কাৰ্জনক । অৱশেষত পত্নীৰ কথা মতেই 1905 চনৰ 1 জুনত 232 বৰ্গ কিলোমিটাৰ সামৰি "প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল" ঘোষণা কৰে ।

এইদৰে সংৰক্ষণৰ ইতিহাস আৰম্ভ কৰি 1908 চনত "সংৰক্ষিত বনাঞ্চল", 1916 চনৰ 10 নৱেম্বৰত "প্ৰমোদ উদ্যান", 1938 চনত পৰ্যটকৰ বাবে মুকলি, 1950 চনত "বন্যপ্ৰানী অভয়াৰণ্য" আৰু 1974 চনৰ 11 ফেব্ৰুৱাৰীত 430 বৰ্গ কিলোমিটাৰ সামৰি কাজিৰঙাক "ৰাষ্ট্ৰীয় উদ্যান" মৰ্যাদা দিয়া হয় ।

ঠিক এবছৰৰ পিচতে ইউনেস্কোৱে কাজিৰঙাক "বিশ্ব ঐতিহ্য ক্ষেত্ৰ"ৰ সন্মান প্ৰদান কৰে । ইতিপূৰ্বে কাজিৰঙাৰ শতবৰ্ষ 2005 চনত উদ্যান কৰ্তৃপক্ষই পালন কৰে । ইফালে অহা 11 ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ 50 বছৰ সম্পূৰ্ণ হ'ব ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 50 সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিবনে উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰে ? এই সন্দৰ্ভত জ্ঞাতনে অসম চৰকাৰ, তথা বনমন্ত্ৰীয়ে ? বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চিহ্নিত হোৱা, ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা পোৱা, সংৰক্ষণ ইতিহাসৰ 120 বছৰ অতিক্ৰম কৰা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আছেনে প্ৰয়োজনীয় আন্তঃগাঁথনি ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 50 তম বৰ্ষত ভৰি দিয়াৰ সময়ত স্বাভাৱিকতে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত উদ্বেগ ঘটিছে একাধিক প্ৰশ্নৰ । কাজিৰঙাৰ নিৰাপত্তাত নিয়োজিত বনৰক্ষী, বনপালকসকল সততে বন্যপ্ৰাণীৰ আক্ৰমণৰ বলি হোৱাৰ খবৰ সংবাদ মাধ্যমযোগে পোৱা যায় । প্ৰয়োজন হয় তাৎক্ষণিক জৰুৰী চিকিৎসাৰ ।

সকলোৱে জানে যে, অসমৰ চাহ বাগিছাসমূহতো নিজাকৈ একোখন চিকিৎসালয় আছে । ব্যক্তিগত খণ্ডই হওক কিম্বা ৰাজহুৱা খণ্ডৰে হওক সকলো বৃহৎ উদ্যোগত আছে নিজা চিকিৎসালয় । কিন্তু আক্ষেপজনক বিষয় যে 120 বছৰীয়া ইতিহাস গৰকা কাজিৰঙাত আজিও স্থাপন নহ'ল এখন চিকিৎসালয় । বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয় আৰু কহঁৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ প্ৰাথমিক চিকিৎসালয়ৰ বাহিৰে নাই কোনো বিকল্প ।

নিজা উন্নত চিকিৎসালয় নথকাৰ বাবেই আহত বনকৰ্মী অথবা পৰ্যটক মৃত্যুৰ মুখত পৰাৰ অলেখ উদাহৰণ আছে । বনকৰ্মীসকলৰ বাবে আৰু বন্যপ্ৰাণী আক্ৰমণত আহতজনৰ বাবে তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা কৰ্তৃপক্ষ আৰু চৰকাৰ কিয় নীৰৱ সিও এক চিন্তনীয় বিষয় ৷ কিন্তু কাজিৰঙাৰ বনৰক্ষী, মাউত, তেওঁলোকৰ পৰিয়ালৰ বাবে আৰু দাঁতিকাষৰীয়া মানুহৰ বাবে এখন অত্যাধুনিক হাস্পতাল খুলিব নোৱাৰাটো দুৰ্ভাগ্যজনক ৷

কাজিৰঙাক অৱলম্বনৰূপে লৈ বিশ্বৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান বৰ্তি আছে । এনে এন জি অ’ সমূহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ অথবা অসম চৰকাৰেও কেতিয়াবা আহ্বান জনোৱা পৰিলক্ষিত নহয় ৷ বিগত কেইটামান দিনত কেইবাগৰাকীও বনকৰ্মী আৰু সাধাৰণ লোক কাজিৰঙাৰ বন্যপ্ৰানীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আৰু নিহত হৈছে ।

ইফালে কাজিৰঙাৰ দাঁতি-কাষৰীয়া লোক বা পোহনীয়া জন্তু-বন্যপ্ৰাণীৰ দ্বাৰা আহত অথবা নিহত হ'লে দিব লগা উপযুক্ত ক্ষতিপূৰণ প্ৰসংগটো অসমত আজিও গুৰুত্বহীন কৰি ৰখা হৈছে নেকি বুলিও প্ৰশ্নৰ উত্থাপন হৈছেে । বন্যপ্ৰাণীৰ আক্ৰমণত আহত বা নিহত পশুধন, আক্ৰান্ত ব্যক্তি, কৃষি পথাৰ আদিৰ বাবে কাজিৰঙা বন বিভাগৰ হেনো কোনো নীতি নাই ৷

নীতি নাই বাবেই পুঁজিও নাই ৷ তাহানিতে, বৃটিছে বনোৱা বন্য আইন এতিয়া সলনি কৰাৰ সময় আহি পৰিল ৷ পূৰ্বৰ তুলনাত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত বাঢ়িছে ৷ অসম চৰকাৰ আৰু স্থানীয় প্ৰতিনিধিয়ে কাজিৰঙাৰ এই বহুদিনীয়া সমস্যাটোৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'বনে, সিও এক প্ৰশ্নৰ বিষয় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আন এটা সমস্যা হ'ল - ঠিকাভিত্তিক কৰ্মীৰ সমস্যা ৷ প্ৰায় সত্তৰ শতাংশ মাউত, ঘাঁচী আদি ঠিকাভিত্তিক ৷ আন আন বহুতো ঠিকাভিত্তিক বনকৰ্মী আছে ৷ এওঁলোকে নিজৰ জীৱন, ভৱিষ্যত, পৰিয়ালক অদৃষ্টৰ হাতত বন্ধকত থৈ উদ্যানখনত সেৱা আগবঢ়াই আছে । তাৰোপৰি সমীপৰ বোকাখাতকলৈয়ো উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰৰ নাই কোনো বিশেষ উদ্যোগ ।

কাজিৰঙাৰ গাতে লাগি থকা বোকাখাত নগৰক পৰ্যটক নগৰী হিচাপে গঢ়ি তুলিবলৈ বোকাখাতবাসীয়ে 50 বছৰ ধৰি দাবী কৰি আহিছে যদিও আজি পৰ্যন্ত লোৱা নহ’ল কোনো ব্যৱস্থা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গৌৰৱোজ্জ্বল 50 তম বৰ্ষ উদযাপনৰ বাবে মাজত বাকী 4 টা দিন ।

সেইদিনা উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰে কেৱল শুভেচ্ছা দিয়েই সামৰিব নে অন্য কিবা বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে এক অত্যন্ত লক্ষণীয় বিষয় ৷

লগতে পঢ়ক : কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত দুজন বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.