মিচিং ডেকা-গাভৰুৰ গুমৰাগ-ঐনিঃতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:16 PM IST

thumbnail

জোনাই, ৫ ফেব্ৰুৱাৰী : চিলাপাথৰৰ কাৰেং চাপৰিত কালিৰে পৰা আৰম্ভ হোৱা নৱম বাৰ্ষিক মিছিং যুৱ মহোৎসৱৰ সোমবাৰে দ্বিতীয়টো দিন ৷ দ্বিতীয় দিনাও ব্যাপক জনসমাগম দেখা গ’ল । উদুলি-মুদুলি হৈ পৰিছে সামগ্ৰিক পৰিৱেশ । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে কাৰেং চাপৰিৰ বিশাল বালিচৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত সমাৰোহত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হ’ল হেজাৰ হেজাৰ লোক ।

ৰিঃবি গাচেঙৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে বগীবিলৰ মিচিং যুৱ মহোৎসৱস্থলী । ঐনিতম-গুমৰাগৰ মাতত উত্তাল ব্ৰহ্মপুত্ৰৰ বলুকা ৷ পুৱাৰে পৰা উদযাপনস্থলীত দেখা গ’ল কৃষ্টি দলসমূহৰ বাৰেবৰণীয়া গীত-নৃত্য পৰিৱেশন । অনুষ্ঠিত হ’ল গুমৰাগ, ঐনিতম, লত্বা চমান, লেৰেলি চমান, দুমদুম মনকা মৃনচুনাম আদি জনগোষ্ঠীয় গীত আৰু নৃত্য । ৰাজ্যখনৰ বিভিন প্ৰান্তৰ পৰা আহি ভাগ ল’লে প্ৰতিযোগী দলসমূহে ।

ৰাজ্যৰ প্ৰায় ১০ হেজাৰ প্ৰতিনিধিক তৃপ্তিৰে মাছে-মঙহে এসাঁজ খুৱাবলৈ ৰান্ধনিশালত প্ৰায় ৩০০ শ লোকে দিনে নিশাই কৰিছে কাম । ৬০ টা চৌকাত চলিছে ৰন্ধন কাৰ্য । দিনত দুসাজ খুৱাবলৈ কুইন্টলে কুইন্টলে প্ৰয়োজন হৈছে গাহৰি মাংস । ৯ হেজাৰ প্ৰতিনিধিয়ে একেলগে বহি আহাৰ গ্ৰহণ কৰাৰ আছে ব্যৱস্থা । মহোৎসৱৰ প্ৰেক্ষাগৃহ, সাংস্কৃতিক মঞ্চ, জনগোষ্ঠীয় খাদ্যৰ বিপনিৰ পৰা বস্ত্ৰৰ বিপণিলৈকে সকলোতে কেৱল মানুহৰ সমাগম ।

লগতে পঢ়ক : গুমৰাগ-ঐনিঃতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.