ETV Bharat / state

গুমৰাগ-ঐনিঃতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 7:30 PM IST

Mising youth festival: আজিৰে পৰা বগীবিল কাৰেং চাপৰিত নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ আৰম্ভ । চাৰিদিনিদীয়াকৈ অনুষ্ঠিত হৈছে এই মহোৎসৱ ।

Mising youth festival in Dhemaji
নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ

নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ

জোনাই, ৪ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ চিলাপথাৰৰ বগীবিল দলঙৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে কাৰেং চাপৰিত আজিৰে পৰা নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ আৰম্ভ হৈছে । চাৰিদিনিদীয়াকৈ অনুষ্ঠিত মহোৎসৱৰ আজি পুৱা ১১ বজাৰ পৰা মূল তোৰণ উদ্বোধন কৰে এমএচিৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে । মিচিঙৰ গাংগিং উদ্বোধন কৰে দঃঞি পঃলঃ য়েলাম কৌবাঙৰ সভাপতি ড৹ বিদ্ৰেশ্বৰ টাইদে । তদুপৰি ফুড ভিলেজ উদ্বোধন কৰে এমএচিৰ ইএম জ'হান দলেয়ে । অনুষ্ঠানৰ মূৰঙৰ উদ্বোধন কৰে এমএচিৰ প্ৰধান পৰমানন্দ চায়েংগীয়াই ।

যুৱ মহোৎসৱৰ মিচিং অকুমৰ উদ্বোধন কৰে এমএচিৰ অধ্যক্ষ সুশীল কুমাৰ পেগুৱে । গাল' অকুমৰ উদ্বোধন কৰে গাল' ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি মাৰ্নিয়া ইটে । আদি অকুমৰ উদ্বোধন কৰে আদি বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক থমাছ বৰাঙে । যুৱ মহোৎসৱৰ নিচি অকুমৰ উদ্বোধন কৰে নিচি ইলাইট ছ'চাইটিৰ সাধাৰণ সম্পাদক হৰি মৰিঙে ।

আনহাতে, তাগিন অকুমৰ উদ্বোধন কৰে তাগিন কালছাৰেল ছ'চাইটিৰ সভাপতি ৰিগিয়া লাৰ্গিয়ে । যুৱ মহোৎসৱৰ আপাতানি অকুমৰ উদ্বোধন কৰে তানি সপোন দুকুমৰ সভাপতি এইছ কে শালাই । হস্ততাঁত মেলাৰ উদ্বোধন কৰে এমএচিৰ ইএম ইন্দিৰা চিন্তে মৰাঙে । ইপিনে, আৰ্টিছ ভিলেজৰ উদ্বোধন কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভঁৰালীয়ে । কৃষি মেলাৰ উদ্বোধন কৰে এমএচিৰ ইএম দেৱৰঞ্জন মৰাঙে,আলোচনা সত্ৰৰ গৃহ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য জাহ্নৱী গগৈ নাথে ।

দুপৰীয়া ১২ বজাৰ পৰা মিচিং লোকগীত, লোকনৃত্য প্ৰতিযোগিতা আৰম্ভ হয় । কাইলৈ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব টিএমএমকেৰ সভাপতি তিলক দলেয়ে ।পুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পণ কৰিব টিএমএমকেৰ সাধাৰণ সম্পাদক চান দঃঞি পাংগিঙে ।

লগতে পঢ়ক:অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াক চূড়ান্ত অপমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.