75 সংখ্যক গণৰাজ্য দিৱস, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ দ্বাৰা সোণাৰিত পতাকা উন্মোচন

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 1:05 PM IST

thumbnail

মৰাণ, 26 জানুৱাৰী : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনতো শুকুৰবাৰে পালন কৰা হৈছে গণৰাজ্য দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিৰ ৰাজহুৱা খেলপথাৰত দেশৰ 75 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰিৰ ৰাজহুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় দেশৰ 75 সংখ্যক গণৰাজ্য দিৱস ।

গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে চৰাইদেউ জিলাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ৷ শ্বহীদ বেদীত শ্বহীদক শ্ৰদ্ধা জনোৱাৰ পাচতেই জিলা আয়ুক্তগৰাকীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত চৰাইদেউ জিলা প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াসকলৰ লগতে স্থানীয় বহু লোকো উপস্থিত থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি আম্বেদকাৰক সুঁৱৰিলে বিজেপি সভাপতি ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.