টীয়কত কেন্দ্ৰীয়ভাৱে গণতন্ত্ৰ দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 1:06 PM IST

thumbnail

টীয়ক,২৬ জানুৱাৰী: দেশজুৰি উদযাপিত হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে টীয়কতো উদযাপন কৰে গণৰাজ্য দিৱস । টীয়ক হাইস্কুলৰ খেলপথাৰত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত তথা টীয়ক পৌৰসভা আৰু টীয়কবাসীৰ সহযোগত কেন্দ্ৰীয়ভাৱে দেশৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হয় । টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সাংগঠনিক সম্পাদকে শ্বহীদ তৰ্পণেৰে আৰম্ভ কৰা উক্ত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱাই ।  

উক্ত কাৰ্যসূচীত টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগা ফুকন, পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত সহযোগিতা আগবঢ়ায় । ইপিনে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে এলানি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে উদ্যোক্তাসকলে । 

লগতে পঢ়ক: বৰপেটাত জিলা আয়ুক্ত আয়ুষ গাৰ্গে উন্মোচন কৰে গণৰাজ্য দিৱসৰ পতাকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.