বকোৰ গান্ধী মৈদানত ৭৫ সংখ্য়ক গণৰাজ্য দিৱসত সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 7:08 PM IST

thumbnail

বকো, ২৬ জানুৱাৰী : বকোৰ গান্ধী মৈদানত ৭৫ সংখ্য়ক গণৰাজ্য দিৱস উদযাপন কৰা হয় । বকোৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী অনুষ্ঠান -প্ৰতিষ্ঠান তথা বকোৰ স্থানীয় ৰাইজে গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰে । বকোৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে এই পতাকা উত্তোলন কৰাৰ লগতে ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰে । এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ এন চি চি আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰে । লগতে সাংস্কৃতিক দলসমূহে নৃত্য গীত পৰিবেশন কৰে ।  

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বকোৰ পৰা এপিএছচিত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । তদুপৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৈলাশ শৰ্মা, অভিনাশ দেৱনাথ, ৰুমীতা দাস আৰু মাৰ্চিলা শৰণীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।  

লগতে পঢ়ক:উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শৰে বড়ো জাতি আগবাঢ়ি যাব লাগিব : এবছু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.