ৰহাৰ চাপৰমুখত ড্ৰাগছসহ ৬ সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 12:40 PM IST

thumbnail

ৰহা,৮ ফেব্ৰুৱাৰী: ৰাজ্যত বৰ্তমানো আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান । তাৰ মাজতে সৰবৰাহকাৰীয়ে নিতৌ নতুন নতুন কৌশলৰে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । এইবাৰ ৰহাৰ ৰহাৰ চাপৰমুখত ড্ৰাগছৰ বিৰুদ্ধে চাপৰমুখ আৰক্ষীৰ অভিযান । বুধবাৰে নিশা চাপৰমুখ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ১৭ টা চাবোনৰ বাকচভৰ্তি হেৰ'ইনসহ ছয়টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।  

আটকাধীন ছয় ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ নাম তাইজু ইছলাম, ইক্ৰামুল হুছেইন, আতাবুৰ ৰহমান, নুৰুল হক, নুৰ ইছলাম আৰু ছাহেদ আলী । জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ডিমাপুৰৰ পৰা ৰে'লৰে ড্ৰাগছখিনি সৰবৰাহ কৰিছিল আৰু চাপৰমুখ ৰে'ল জংচনত নামি এখন অট'ৰে যাবলৈ লওঁতেই চাপৰমুখ আৰক্ষী চকীৰ আৰক্ষীয়ে আটাইকেইটা সৰবৰাহকাৰীক হাতে-লোটে ধৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ ঘৰ বটদ্ৰৱা, মৈৰাবাৰী আৰু মিকিৰভেটাত বুলি আৰক্ষীয় জানিবলৈ দিয়ে ।  

লগতে পঢ়ক: পাছপ’ৰ্ট আবেদনকাৰীক সহায় কৰিবলৈ গৈ ৰঙাঘৰত সোমাল অধিবক্তা আবু ৰাইহান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.