ETV Bharat / state

পাছপ’ৰ্ট আবেদনকাৰীক সহায় কৰিবলৈ গৈ ৰঙাঘৰত সোমাল অধিবক্তা আবু ৰাইহান

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:40 AM IST

Crime in Hailakandi
ৰঙাঘৰত সোমাল অধিবক্তা

Crime in Hailakandi: পাছপ’ৰ্ট আবেদন কৰিবলৈ গৈ ৰঙাঘৰত সোমাল আবেদনকাৰী আহমেদ হোছেইন বৰভূঞা ৷ আনকি ভুৱা নথি-পত্ৰ দি পাছপ’ৰ্ট আবেদন সহায় কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল অধিবক্তা আবু ৰাইহান ৷

ৰঙাঘৰত সোমাল অধিবক্তা

কৰিমগঞ্জ, ৮ ফেব্ৰুৱাৰী : হাইলাকান্দিত সংঘটিত হৈছে এক অঘটন ৷ আইন ৰক্ষাৰ কথা সততে কৈ থকা অধিবক্তাৰ বিৰুদ্ধে উঠিছে এতিয়া অভিযোগৰ আঙুলি ৷ অভিযোগ অনুসৰি, ভাৰতীয় পাছপ’ৰ্ট লাভ কৰিবলৈ হ’লে যি ভোটাৰ তালিকা বিভাগীয় মূৰব্বীক জমা দিয়া হয়, সেই তালিকাত বেমেজালি সংঘটিত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে প্ৰথমে পাছপ’ৰ্ট আবেদনকাৰী আহমেদ হোছেইন বৰভূঞা নামৰ এজন গ্ৰেপ্তাৰ কৰে ৷

লগতে আহমেদ হোছেইন বাৰাভূঞা বক্তব্যৰ ভিত্তিত হাইলাকান্দি উকীল সন্থাৰ এজন অধিবক্তাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা অধিবক্তাগৰাকী আবু ৰাইহান বুলি জানিব পৰা গৈছে ৷ বৰ্তমান আহমেদ হোছেইন বৰভূঞা আৰু অধিবক্তা আবু ৰাইহানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা আহমেদ হোছেইন বৰভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধিৰ ৪২০/৪৬৭/৪৭১ ধাৰাত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ঘটনাৰ বিৱৰণি অনুসৰি, দক্ষিণ হাইলাকান্দিৰ ধলছাৰা দ্বিতীয় ব্লকৰ বাসিন্দা আহমেদ হোছেইন বৰভূঞাই কিছুদিন পূৰ্বে হাইলাকান্দিৰ এছ পি কাৰ্যালয়ত পাছপ’ৰ্ট পৰীক্ষণৰ বাবে জমা দিছিল কিছু নথি-পত্ৰ ।

প্ৰাথমিক তদন্তৰ অন্তত আহমেদ হোছেইনে দাখিল কৰা ভোটাৰ তালিকাৰ প্ৰতিলিপিত কিছু অসামঞ্জস্যতা লক্ষ্য কৰে আৰক্ষীয়ে । তাৰ পাচত বিষয়টো সন্দৰ্ভত জিলাখনৰ নিৰ্বাচন বিভাগৰ সৈতে যোগাযোগ কৰাত পোহৰলৈ আহে সকলো তথ্য ৷

লগে লগে হাইলাকান্দি আৰক্ষী ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ ৰুজু কৰে এক গোচৰ । পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে আহমেদ হোছেইনক গ্ৰেপ্তাৰ কৰি জেৰা কৰে ৷ জেৰাৰ সময়ত আহমেদ হোছেইনে হাইলাকান্দি উকীল সন্থাৰ অধিবক্তা আবু ৰাইহানে তেওঁক ভোটাৰ তালিকাৰ ভুৱা প্ৰতিলিপি দিছিল বুলি আৰক্ষীৰ আগত সদৰী কৰে । তেতিয়াই আৰক্ষীয়ে অধিবক্তাজনক আইনৰ অধীনলৈ আনে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে আৰক্ষীৰ জিম্মাত থকা অধিবক্তাজনক মুকলি কৰি দিবলৈ অধিবক্তাৰ এটা দলে আৰক্ষীৰ সৈতে আলোচনাত মিলিত হয় যদিও আৰক্ষীয়ে নিজৰ স্থিতি অটল থাকে । অৱশেষত অধিবক্তা আৰু তেওঁৰ মক্কেল আহমেদ হোছেইনক আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : আদিবাসী অধিকাৰ সম্পৰ্কীয় গণসমাৱেশৰ অনুমতি নিদিয়াৰ বাবে আছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.