কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৌৰৱোজ্জল ৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন - কাজিৰঙা
🎬 Watch Now: Feature Video

Published : February 11, 2024 at 10:35 PM IST
কাজিৰঙা, ১১ ফেব্ৰুৱাৰী: চাৰিকুৰি প্ৰাক্তন বনকৰ্মীৰ বাৰ্তালাপেৰে মুখৰিত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ ৫০ সংখ্যক বৰ্ষপূৰ্তিৰ গৌৰৱোজ্জল ক্ষণ ৷ কাজিৰঙাৰ কঁহৰাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা উদ্যান ঘোষণাৰ ৫০ বৰ্ষ উপলক্ষে দেওবাৰে অনুষ্ঠিত কৰা হয় এক অন্তৰংগ আলাপ অনুষ্ঠান ৷ বিগত সময়চোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বনাঞ্চলত তৃণমূল পৰ্যায়ত কাম কৰি অৱসৰ গ্ৰহণ কৰা ৮০ গৰাকীতকৈ অধিক বনকৰ্মীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানতে তেওঁলোকক একোটা স্মাৰক আৰু একোখনকৈ প'হ'ৰে অভিবাদন জনায় ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷
উল্লেখ্য, জৈৱ-বৈচিত্ৰৰ মেটমৰা সম্ভাৰেৰে ভৰপূৰ তথা অপৰূপ সৌন্দৰ্যৰ আকৰ কাজিৰঙা অভয়াৰণ্যক সংৰক্ষণৰ এক নতুন মাত্ৰা প্ৰদান কৰি ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় ৷ ইয়াৰ লগে লগে সংৰক্ষণৰ সুকীয়া ধাৰাৰ লগতে পৰ্যটন পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ যাৰ পাছতেই কাজিৰঙাই স্বকীয় বৈশিষ্টৰ বাবে ১৯৮৫ চনত চিহ্নিত হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ৷ ইফালে, অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বনকৰ্মী সকলৰ লগতে উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষ, বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশৰ লগতে বনাঞ্চলিক বিষয়াসকল উপস্থিত থাকে ৷
লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গৰকিলে ৫০ বছৰ