কাছাৰত মহিলাসহ পাঁচ সুদখোৰক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 1:59 PM IST

thumbnail

কাছাৰ,২২ ফেব্ৰুৱাৰী: সুদখোৰৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ তীব্ৰ অভিযান । গ্ৰেপ্তাৰ হৈছে ইটোৰ পাছত সিটোকৈ সুদখোৰ ৷ কাছাৰতো চলিছে সুদখোৰক বিচাৰি আৰক্ষীৰ অভিযান । অভিযানত গ্ৰেপ্তাৰ হৈছে মহিলাসহ পাঁচ সুদখোৰ । কাছাৰ আৰক্ষীৰ এটা দলে জিলাৰ বিভিন্ন স্থানত অভিযান চলাই এগৰাকী মহিলাসহ পাঁচ সুদখোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।  

লগতে আৰক্ষীয়ে জব্দ কৰিছে নগদ ৩ লাখ ৫০ হাজাৰ টকাসহ কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু কেইবাখনো বেংক পাচবুক । ধৃত সুদখোৰ মহিলাসহ আন চাৰি সুদখোৰৰ নাম চাহিদ আহমেদ মজুমদাৰ, দিলবাহাৰ আলম চৌধুৰী, খাইৰুল হাচান লস্কৰ আৰু ৰিংকু মোহন নাথ । ধৃত আটাইকেইটা সুদখোৰক আৰক্ষীৰ জেৰা অব্যাহত । উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন স্থানত সুদখোৰক বিচাৰি অভিযানত নামিছে আৰক্ষী ।

লগতে পঢ়ক: লাখ টকা দাবী কৰি ৰঙাঘৰত সোমাল প্ৰাক্তন আমছু নেতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.