ETV Bharat / state

লাখ টকা দাবী কৰি ৰঙাঘৰত সোমাল প্ৰাক্তন আমছু নেতা

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 11:43 AM IST

Updated : Feb 22, 2024, 12:24 PM IST

ৰঙাঘৰত সোমাল প্ৰাক্তন আমছু নেতা
ৰঙাঘৰত সোমাল প্ৰাক্তন আমছু নেতা

Charges Of Extortion : যুৱকক আবদ্ধ কৰি লাখ টকা দাবী কৰা ছফিকুল ইছলাম সোমাল ৰঙাঘৰত । ভয়-ভাবুকি দেখুৱাই উলুৱনি আৰক্ষী থানাৰ অন্তৰ্গত বৰঘুলিৰ মাকমাদুল হকৰ পৰা লাখ টকা দাবী কৰাৰ অভিযোগতে ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল অভিযুক্ত ছফিকুল ইছলাম ৷

ৰঙাঘৰত সোমাল প্ৰাক্তন আমছু নেতা

কলিয়াবৰ, ২২ ফেব্ৰুৱাৰী : ৰঙাঘৰৰ আলহী হ’ল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ এগৰাকী প্ৰাক্তন স্বয়ম্ভু নেতা ৷ যুৱকক ভয়-ভাবুকি প্ৰদান কৰি আবদ্ধ কৰাৰ লগতে চাৰি লাখ টকা দাবী কৰাৰ অভিযোগ আমছুৰ নেতাগৰাকীৰ বিৰুদ্ধে ৷ নাম ছফিকুল ইছলাম । এই অভিযোগ উত্থাপন কৰিছে এগৰাকী ভুক্তভোগীয়ে ৷

উক্ত ঘটনাটো সংঘটিত হৈছে উলুৱনি আৰক্ষী থানা এলেকাধীন বৰঘুলিত । অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগতেই কেবামাহ পূৰ্বে আমছু নামৰ ছাত্ৰ সংগঠনটোৰ পৰা অপসাৰিত হৈছিল অভিযুক্ত ছফিকুল ইছলাম ৷ পৰৱৰ্তী সময়ত স্বয়ম্ভু নেতা হিচাপে সংখ্যালঘু অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰি নানা অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ছফিকুল ইছলামৰ বিৰুদ্ধে ।

শেহতীয়াকৈ আমবাগান আৰক্ষী থানা এলেকাৰ কাঠপৰা অঞ্চলৰ মাকমাদুল হক নামৰ এজন যুৱকক আৱদ্ধ কৰি চাৰি লাখ টকা দাবী কৰিছিল ছফিকুল ইছলামে ৷ অৱশ্যে ভুক্তভোগী মাকমাদুল হকৰ এই অভিযোগ সংবাদ মাধ্যমৰ আগত নস্যাৎ কৰি কৰিছে অভিযোক্ত ছফিকুল ইছলামে ৷

ভুক্তভোগী মাকমাদুল হকৰ অভিযোগৰ ভিত্তিতে উলুৱনি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(B), ৩৬৫, ৩৮৪, ৩৯২, ৫০৬ ধাৰাত ১০/২৪ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷ এই গোচৰৰ ভিত্তিতে ছফিকুল হকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে উলুৱনি আৰক্ষীয়ে ।

ভুক্তভোগী মাকমাদুল আৰু তেওঁৰ পৰিয়ালে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ক‌য়, ‘‘বহিঃৰাজ্যত কৰ্মৰত হৈ থকা সময়তে ম’বাইল ফোনযোগে চিনাকি হৈছিল এগৰাকী যুৱতীৰ সৈতে । চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰী দিনা যুৱতীগৰাকীক লগ কৰিবলৈ যুৱকজন বৰঘুলিলৈ আহে ৷ তেতিয়াই অভিযুক্ত ছফিকুল ইছলাম আৰু কেইবাগৰাকী মহিলাই লগ হৈ মাকমাদুলক আৱদ্ধ কৰি চাৰি লাখ টকাৰ দাবী কৰে । অন্যথা মাকমাদুলে যুৱতীগৰাকীক বিয়া পাতিব লাগিব বুলি হেঁচা দিয়ে ছফিকুল আৰু মহিলাকেইগৰাকীয়ে’’ ।

লগতে পঢ়ক : নগাঁৱত সংবাদ মাধ্যমক নীতি শিক্ষা ৰকিবুল পুত্ৰৰ

Last Updated :Feb 22, 2024, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.