কৰিমগঞ্জত গুলীচালনাৰ ঘটনাত মহিলাসহ আহত ৪ - Firing in Karimganj

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 10:19 PM IST

thumbnail

কৰিমগঞ্জ, ৮ এপ্ৰিল: বিবাদক কেন্দ্ৰ কৰি কৰিমগঞ্জত সংঘটিত হৈছে এক গুলীয়াগুলীৰ ঘটনা । কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিয়া-আছনআলা গাঁৱত এই ঘটনাটো সংঘটিত হৈছে । এই ঘটনাত আহত হৈছে মহিলাসহ চাৰিগৰাকী লোক। আহতসকলক ইতিমধ্য়ে শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই আলা গাঁৱত উপস্থিত হৈ নিলাম বজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।  

ঘটনাৰ বিবৰণী অনুসৰি, আছনআলা গাঁৱৰ আবুল কালাম, হাছান আহমেদ আৰু একে গাঁৱৰ খয়ৰুল ইছলাম, হুছাম আহমেদ, আৰিফ আহমেদৰ মাজত বহুদিনৰ পৰাই কোনো বিষয়ক লৈ বিবাদ চলি আছিল । হুছাম আহমেদৰ বিৰুদ্ধে বিপৰীত ফৈদৰ চাৰিগৰাকী লোকক লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উঠিছে । এই ঘটনাত আবুল কালাম, হাছান‌ আহমেদ,মুছন আহমেদ আৰু ছফিয়া বেগম আঘাতপ্ৰাপ্ত হয় ।  

এই ঘটনাটোৰ পিচত স্থানীয় লোকৰ সহযোগত চাৰি আঘাতপ্ৰাপ্তক নিলাম বজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ । ইপিনে,আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কেইবাটাও এয়াৰ গানৰ গুলী জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:দোকানৰ ভিতৰতে ব্যৱসায়ীৰ গাত পেট্ৰ'ল ঢালি অগ্নিসংযোগ অচিনাক্ত দুৰ্বৃত্তৰ - Attempt To Murder

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.