ETV Bharat / state

দোকানৰ ভিতৰতে ব্যৱসায়ীৰ গাত পেট্ৰ'ল ঢালি অগ্নিসংযোগ অচিনাক্ত দুৰ্বৃত্তৰ - Attempt to murder

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 4:25 PM IST

Attempt to murder: পুৱাতেই এজন ব্যৱসায়ীক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ । গাত পেট্ৰ'ল ঢালি কৰিলে অগ্নিসংযোগ । কোনোমতে প্ৰাণ ৰক্ষা ব্যৱসায়ীগৰাকীৰ ।

Attempt to murder
miscreant attack on businessman

ব্যৱসায়ীক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

ৰঙিয়া, ৮ এপ্ৰিল: সোমবাৰে পুৱাতেই এক চাঞ্চল্যকৰ ঘটনাই জোঁকাৰি যায় তামুলপুৰ জিলাৰ গোৰেশ্বৰক । এগৰাকী ব্যৱসায়ীক নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা অচিনাক্ত দুৰ্বৃত্তৰ । কাহিলীপুৱাতেই সংঘটিত হোৱা এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ।

ঘটনা অনুসৰি, সুখদেৱ সাহা ৰয় নামৰ ব্যৱসায়ীজনে পুৱা প্ৰায় ৫.৩০ বজাত নিজৰ দোকানৰ সমুখভাগ চাফ-চিকুণ কৰি থকা অৱস্থাতে এগৰাকী অচিনাক্ত লোকে আহি মিঠাতেল বিচাৰে । ব্যাৱসায়ীজনে দোকানৰ চাটাৰ খুলি পিচলৈ ঘূৰি চোৱাত লোকজনক সেই স্থানত দেখা নাপায় । পিচত তেওঁ পানী আনিবলৈ দোকানৰ পিচফালেই থকা ঘৰলৈ যায় ।

পানী লৈ আহি ব্যৱসায়ীজন দোকানত সোমোৱাৰ ঠিক পিচতেই লোকজন পুনৰ দোকানখনলৈ আহে । লোকজনক মিঠাতেল দিবলৈ লওঁতেই অচিনাকী ব্যক্তিগৰাকীয়ে ব্যৱসায়ীজনৰ গাত পেট্ৰ'ল ঢালি দিয়াশলাই কাঠি মাৰি অগ্নি সংযোগ কৰে । লগে লগে অচিনাকী ব্যক্তিজনে দোকানৰ চাটাৰ বন্ধ কৰি সেই স্থানৰ পৰা পলায়ন কৰে ।

জুয়ে গোটেই গাতে আগুৰি ধৰাত ব্যৱসায়ী সুখদেৱ সাহা ৰয়ে চিঞৰ-বাখৰ কৰে আৰু চাটাৰ খুলি কোনোমতে বাহিৰ ওলায় । তেওঁৰ চিঞৰ শুনি সেইস্থানত গোট খোৱা ওচৰ চুবুৰীয়াই কিবা প্ৰকাৰে তেওঁৰ শৰীৰৰ পৰা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ইতিমধ্যে অগ্নিদগ্ধ ব্যৱসায়ীজনক উপযুক্ত চিকিৎসাৰ বাবে বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ভুক্তভোগীয়ে জনোৱা মতে অচিনাক্ত দুৰ্বৃত্তটো এখন চাইকেল লৈ আহিছিল আৰু টুপী পিন্ধি আছিল । ঘটনাটোৰ বিষয়ে জানিব পাৰি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ একাংশ সদস্য ঘটনাস্থলীত উপস্থিত হয় । এজন ব্যৱসায়ীক জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা চলোৱা কাৰ্যক গৰিহণা দিয়াৰ লগতে আৰক্ষীক অতিশীঘ্ৰে ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শান্তি প্ৰদান কৰিবলৈ দাবী জনায় তেওঁলোকে ।

গোৰেশ্বৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তথ্য প্ৰমাণ সংগ্ৰহ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ৩ সন্তানক হত্যা কৰি আত্মহত্যাৰ চেষ্টা মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.