মোদীৰ সভালৈ নলবাৰীৰ পৰা আহিব ১০ হাজাৰ লোক

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 7:51 PM IST

thumbnail

নলবাৰী,৩ ফেব্ৰুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ ব্যস্ত হৈ পৰিছে অসম চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে বিজেপিৰ নেতা-কৰ্মীসকল । গুৱাহাটীত মোদীৰ সভাৰ পূৰ্বে চমক দেখুৱালে বিজেপিয়ে । হেলিকপ্টাৰ যোগে নলবাৰীত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকা । প্ৰধানমন্ত্ৰী মোদীৰ সভাৰ পূৰ্বে নলবাৰীত অংশ ললে প্ৰস্তুতি সম্পৰ্কীয় এক বৈঠকত । নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয় খেলপথাৰত হেলিকপ্টাৰ যোগে উপস্থিত হৈ বিজেপিৰ কৰ্মীৰ সৈতে বৈঠকত অংশ ললে দুই মন্ত্ৰীয়ে ।  

ইফালে মন্ত্ৰী বিমল বড়া স্থলপথেৰে আহি সভাত অংশগ্ৰহণ কৰে । দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অংশগ্ৰহণ কৰিব জনসভাত তাৰ পূৰ্বে আজি মন্ত্ৰী বিমল বড়া, জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকাই দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে । প্ৰায় দুই লাখ লোকে মোদীৰ সভাত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । নলবাৰীৰ পৰা ১০ হাজাৰ লোক উপস্থিত হ'ব মোদীৰ গুৱাহাটীৰ সভাত । প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে দুই মন্ত্ৰীয়ে । 

লগতে পঢ়ক: মোদীৰ সভালৈ যোৰহাটৰ পৰা বাইক ৰেলীৰে ৰাওনা যুৱ মৰ্চাৰ তিনি শতাধিক সদস্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.