ETV Bharat / state

মোদীৰ সভালৈ যোৰহাটৰ পৰা বাইক ৰেলীৰে ৰাওনা যুৱ মৰ্চাৰ তিনি শতাধিক সদস্য

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:05 PM IST

PM Modi visit Assam : গুৱাহাটীত অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ বাইক ৰেলীৰে যোৰহাটৰ পৰা ৰাওনা হৈছে বিজেপি যুৱ মৰ্চাৰ প্ৰায় তিনি শতাধিক কৰ্মী ৷ 4 ফেব্ৰুৱাৰীত দিনৰ 11.30 বজাত খানাপাৰাৰ খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷

PM Modi visit Assam
অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
যোৰহাটৰ পৰা প্ৰধানমন্ত্ৰীৰ সভালৈ তিনি শতাধিক যুৱ মৰ্চাৰ সদস্য

যোৰহাট, 2 ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ শনিবাৰে বিয়লি 7.30 বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ অসম আগমনক লৈ ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ লগতে বিজেপি দলে ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিজেপিৰ কৰ্মী সকল গুৱাহাটী অনুষ্ঠিত হ'বলগা প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ ৰাওনা হৈছে ৷

গুৱাহাটীত অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ বাইক ৰেলীৰে যোৰহাটৰ পৰা ৰাওনা হৈছে যুৱ মৰ্চাৰ প্ৰায় তিনি শতাধিক কৰ্মী ৷ এই সমদলত যোৰহাটৰ বাহিৰেও গোলাঘাট আৰু শিৱসাগৰ জিলা বিজেপি যুৱ মৰ্চাৰ তিনি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ আগমনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিজেপিৰ নেতা-কৰ্মী তথা সদস্য সকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ ৷ 4 ফেব্ৰুৱাৰীত দিনৰ 11.30 বজাত খানাপাৰৰ খেলপথাৰত এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰীৰ সভাত গুৱাহাটীৰ বাহিৰেও দাঁতি কাষৰীয়া আন কেইবাখনো জিলাৰ সহস্ৰাধিক বিজেপিৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিব ৷

সভাৰ পৰাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰ্চুৱেলী কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব ৷ 11,599 কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ আধাৰশিলা স্থাপন কৰিব 498 কোটিটকীয়া কামাখ্যা কৰিড'ৰ, 358 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা গোপীনাথ বৰদলৈ বিমানবন্দৰ সংযোগী 6 লেন পথ, অসম মালাৰ অধীনৰ 3,444 কোটি টকা ব্যয়সম্বলিত 43 টা পথ, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ 3,250 কোটি টকীয়া নতুন ভৱনৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ সভাক লৈ মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে ৷

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্রী মোদী, জাৰি কৰা হৈছে নতুন পথ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.