লোকাৰণ্য অসম সাহিত্য সভাৰ বাৰপূজীয়াৰ বিশেষ অধিৱেশনৰ বাকৰি

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 7:04 AM IST

thumbnail

মৰিগাঁও, 2 ফেব্ৰুৱাৰী : লোকাৰণ্য হৈ পৰিছে অসম সাহিত্য সভাৰ বাৰপূজীয়াৰ বিশেষ অধিৱেশনৰ বাকৰি ৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ বৃহস্পতিবাৰে আছিল দ্বিতীয়টো দিন ৷ দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি, অধিৱেশন থলীৰ মূল মণ্ডপত অনুষ্ঠিত হৈছে অসমীয়া ভাষা-সাহিত্য, লোকগীত, নৃত্যৰ বৌদ্ধিক আলোচনা চক্ৰ ।

বিভিন্ন শ্ৰেণীৰ নাগৰিক তথা জাতি ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰপূজীয়া অধিৱেশন থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে । কোনোৱে যদি গ্ৰন্থ মেলাৰ পৰা নিজৰ মন পছন্দৰ গ্ৰন্থখন বিচাৰি হাবাথুৰি খাইছে, আন কোনোৱে আকৌ তিনি-চাৰি হাজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰিছে গ্ৰন্থ মেলাৰ বিভিন্ন প্ৰকাশনৰ পৰা ৷ ইফালে আয়োজকসকলেও এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ বাবে মনেপ্ৰাণে সেৱা আগবঢ়াইছে ৷

লগতে পঢ়ক : বিশিষ্ট বাহীবাদক পৰমেশ্বৰ বসুমতাৰীক মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.