ETV Bharat / state

বিশিষ্ট বাহীবাদক পৰমেশ্বৰ বসুমতাৰীক মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 11:01 PM IST

Mohan Bhaira Memorial Award : 2024 বৰ্ষৰ ‘মোহন ভাইৰা স্মাৰক বঁটা’ প্ৰদান কৰা হয় বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীক ৷ শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ৷

Etv Bharat
Etv Bharat
পৰমেশ্বৰ বসুমতাৰীক মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান

নলবাৰী, ১ ফেব্ৰুৱাৰী : ৰাজ্যৰ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীক আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ ‘মোহন ভাইৰা স্মাৰক বঁটা’ ৷ উক্ত বঁটাৰ লগত আছে ফুলাম জাপি, ফুলাম গামোচা, শৰাই, মানপত্ৰ, চেলেং, স্মাৰক, নগদ ধন আদি ।

সভাৰ প্ৰাকমুহূৰ্তত বিশিষ্ট শিল্পীগৰাকীক নলবাৰীৰ পৰিদৰ্শন বঙলাৰ পৰা শোভাযাত্ৰা কৰি সভাস্থলীলৈ আদৰি অনা হয় ৷ বৃহস্পতিবাৰে বিয়লি ছহিদ ভৱনৰ বাকৰিত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদে ৷

সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই আঁতধৰা তথা উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বঁটা প্ৰাপক পৰমেশ্বৰ বসুমতাৰীয়ে মনৰ অনুভৱ ব্যক্ত কৰি কয় যে ‘‘আছু আৰু উন্নতি সভাই মোক যি সন্মান জনালে তাৰ বাবে মই চিৰ কৃতজ্ঞতা ৷’’

সুমধুৰ বাঁহীৰ সুৰেৰে উপস্থিত ৰাইজক আপ্লুত কৰে বিশিষ্ট শিল্পীগৰাকীয়ে ৷ সভাত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক, লেখক ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে ভাষণত কয় যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সংস্কৃতিৰ বৰপথাৰখন চহকী কৰা শিল্পীসকলক এনেদৰে সন্মানিত কৰি আহিছে এয়া নিঃসন্দেহে প্ৰশংসনীয় কাম | বিশিষ্ট শিল্পী পৰমেশ্বৰ বসুমতাৰীয়ে নীৰৱে সাধনা কৰি আছে ৷ তেওঁৰ হাতত যাদু আছে, সঁচা অৰ্থত বসুমতাৰী এগৰাকী প্ৰকৃত শিল্পী ৷

সভাত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱাই ভাষণ প্ৰসংগত কয় যে চৰকাৰে নীৰৱে সংস্কৃতিৰ বৰপথাৰখন চহকী কৰা শিল্পীসকলক সহায় কৰক ৷ চৰকাৰে মোহন ভাইৰাৰ কৰ্মৰাজি পাঠ্যপুঠিত অন্তৰ্ভুক্ত কৰি নৱপ্ৰজন্মক তেওঁৰ শিল্পৰাজিৰ লগত চিনাকি কৰাত সুবিধা কৰি দিয়ক ৷

লগতে নলবাৰীত তেওঁৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ ভাষণৰ জৰিয়তে আহ্বান জনায় ৷ সভাত অতিথি হিচাপে উপস্থিত থাকি শিক্ষাবিদ ড৹ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই মোহন ভাইৰাৰ জীৱনৰ ওপৰত আলোকপাত কৰে ৷

বঁটা প্ৰদান অনুষ্ঠানত পৰমেশ্বৰ বসুমতাৰীৰ সহধৰ্মিনী গায়ত্ৰী বসুমতাৰী, আছুৰ সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদ, কাৰ্যনিৰ্বাহক সদস্য তন্ময় কাজি, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অক্ষয় ডেকা, গুণজ্যোতি পাঠক, উৎপল কলিতা, উপ-সভাপতি ফনীধৰ বৰুৱা, নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, অসম উন্নতি সভাৰ সম্পাদক প্ৰণৱ বৰ্মন, কাৰ্যনিৰ্বাহক কন্দৰ্প শৰ্মা, হিমজ্যোতি ভূঞা আদি উপস্থিত থাকে ৷

উল্লেখযোগ্য যে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে ২০০৯ চনত পুণ্য প্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুক্তা ৰাম বৰুৱা ওজা, ২০১২ চনত মাণিক শইকীয়া ওজা, ২০১৩ চনত ৰূহীন ৰাভা , ২০১৪ চনত দ্বিজেন গগৈ, ২০১৫ চনত প্ৰভাত শৰ্মা, ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী, ২০১৮ চনত লোকনাথ কুটুমক মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰে ৷

কিন্তু ২০‍১৯ চনত 'কা' আন্দোলন আৰু ২০২০ত ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগ’ল ৷ ২০২১ চনত হৰেকৃষ্ণ তালুকদাৰ, ২০২২ চনত নিকুঞ্জ পাঠক, ২০২৩ চনত অনিৰাম নাথক উক্ত বঁটা প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক: পুৰুষ সমকামিতাক লৈ কি ক’লে পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.