ধেমাজিত জব্দ ১২ লক্ষাধিক টকা - Cash seized in Dhemaji

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 6:30 PM IST

thumbnail

ধেমাজি,২৭ মাৰ্চ: ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ । বলবৎ হৈ আছে নিৰ্বাচনী আচৰণ বিধি । কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিল এক চাঞ্চল্যকৰ তথ্য । ধেমাজিত জব্দ কেইবা লক্ষাধিক টকা । নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে বুধবাৰে ধেমাজিত জব্দ হয় বাৰ লাখ ছয়চল্লিশ হাজাৰ সাতশ টকা ৷ ধেমাজি নগৰৰ চাৰিআলিত এখন ইন'ভা গাড়ীৰ পৰা উদ্ধাৰ কৰা হয় এই বিশাল পৰিমানৰ ধনৰাশি ৷

ধনখিনি কঢ়িয়াই অনা ইন'ভাখনৰ নম্বৰ AS-07K-9931 ৷ ধেমাজি চাৰিআলিৰ মহাবক্স মালচান্দ প্ৰেট্ৰ'ল পাম্পৰ সন্মুখৰ পৰা জব্দ কৰা হয় এই বিশাল পৰিমাণৰ ধনৰাশি ৷ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এই বৃহৎ পৰিমাণৰ ধনখিনি ৷ পিছে বুজন পৰিমাণৰ ধনৰাশি ক'ৰ পৰা ক'লৈ আনিছিল তাক লৈ ধেমাজি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: টকাৰ পাহাৰ; সামাজিক মাধ্যমত ভাইৰেল ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী - BENJAMIN BASUMATARY VIRAL PHOTO

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.