ETV Bharat / state

জলাতংকত আক্ৰান্ত হৈ ডিমা হাছাওত এজনৰ মৃত্যু

One dies of rabies: আপোনাৰ পোহনীয়া কুকুৰ আছে নেকি ? তেনেহ'লে সাৱধান হওক । ৰেবিছ ভাইৰাছ বা জলাতংক ৰোগত আক্ৰান্ত হৈ ডিমা হাছাও জিলাৰ লুমডিং খেলমা গাঁৱত প্ৰাণ হেৰুৱালে এজন লোকে । এই সন্দৰ্ভত সংবাদমেল সম্বোধন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ পশু চিকিৎসা আৰু পশুপালন বিভাগৰ বিষয়াৰ ।

One dead due to rabies
জ্বলাতংকত আক্ৰান্ত হৈ ডিমা হাছাওত এজনৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 10:12 PM IST

2 Min Read
Choose ETV Bharat
জ্বলাতংকত আক্ৰান্ত হৈ ডিমা হাছাওত এজনৰ মৃত্যু

হাফলং,২০ মাৰ্চ: আপুনি যদি কুকুৰ পোহে তেনেহলে সাৱধান আৰু সজাগ হওক । এই আহ্বান জনাইছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা পশু চিকিৎসা আৰু পশুপালন বিভাগৰ কাৰ্যনিৰ্বাহ সদস্য মনজিত নাইডিং আৰু পশু চিকিৎসা আৰু পশুপালন বিভাগৰ অতিৰিক্ত সঞ্চালক ড৹ ভৈৰৱ কাকতিয়ে । এখন সংবাদমেল সম্বোধন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য মনজিত নাইডিঙে ডিমা হাছাও জিলাৰ লুমডিং খেলমা গাঁৱত এগৰাকী ব্যক্তি ৰেবিছ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বুলি জানিবলৈ দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে, যদি আপোনাৰ ঘৰত কুকুৰ আছে তেনেহলে আপুনি পশু চিকিৎসা আৰু পশুপালন বিভাগলৈ কুকুৰটো আনি ভেকচিন প্ৰদান কৰক । এই ৰোগক লৈ আতংকিত নহৈ যদি কোনো মানুহক কুকুৰে কামোৰে তেনেহ'লে লগে লগে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ গৈ ইয়াৰ ভেকচিন ল'বলৈ তেওঁ আহ্বান জনায় । সংবাদমেলত পশু চিকিৎসা আৰু পশুপালন বিভাগৰ অতিৰিক্ত সঞ্চালক ভৈৰৱ কাকতিয়ে কয় যে ৰেবিছ ভাইৰাছত আক্ৰান্ত হ'লে কুকুৰৰ চকু দুটা ৰঙা পৰিব আৰু কুকুৰৰ মুখৰ পৰা লেলাৱতী নিৰ্গত হ'ব ।

তেনে অৱস্থাত যদি কুকুৰে কামোৰে তেনেহলে এই লেলাৱতীৰ পৰা ৰেবিছ ভাইৰাছ মানুহৰ দেহত বিয়পি পৰে বা কুকুৰৰ এই লেলাৱতী যদি কোনো মানুহৰ দেহৰ কটা অংশত লাগে তেনেহ'লে মানুহৰ দেহত ৰেবিছ ভাইৰাছ বিয়পি পৰিব । লগতে তেওঁ এই ৰোগৰ এতিয়ালৈকে কোনো ধৰণৰ ঔষধ ওলোৱা নাই বুলি তেওঁ সদৰী কৰি কয় যে পোহনীয়া কুকুৰৰ মাজত এনে লক্ষণে দেখা দিলে অনতিপলমে কুকুৰটোক পশু চিকিৎসা আৰু পশু পালন বিভাগত আনি ভেকচিন প্ৰদান কৰা উচিত ।

তেওঁ জানিবলৈ দিয়ে যে, পশুপালন বিভাগত বিনামূলীয়াকৈ এই ভেকচিন প্ৰদান কৰা হয় । উল্লেখযোগ্য ৰেবিছ ভাইৰাছত আক্ৰান্ত কুকুৰে কামুৰিলে এই ভাইৰাছ মানুহৰ দেহত প্ৰৱেশ কৰে আৰু মাংসকোষত বিয়পি আৰু মগজুৰ ক্ষতিসাধন কৰি স্নায়ুতন্ত্ৰৰ বিজুতি কৰে ।

লগতে পঢ়ক: অযোধ্যালৈ যোৱাৰ পথত ৰহস্যজনকভাৱে নিখোজ ৮০ বছৰীয়া বৃদ্ধ