ETV Bharat / state

নামৰূপত ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্ৰকল্প

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 8:01 PM IST

Nano Urea and DOP Project: নামৰূপত স্থাপন হ'ব নেনো ইউৰিয়া আৰু ডিঅ'পি প্ৰকল্প । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা । বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডব্যৰ এই ঘোষণা কৰিছে ।

Namrup Fertilizer Factory
নামৰূপ সাৰ কাৰখানা

নামৰূপ সাৰ কাৰখানা

মৰাণ, ১৬ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে ঘোষণা কৰিলে বৃহৎ আঁচনি । ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'ব নেনো ইউৰিয়া আৰু ডিঅ'পি প্ৰকল্প । ৫০০ কোটি টকাৰে নিৰ্মাণ হ'ব এই প্ৰকল্প । এই ঘোষণা কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যৰ ।

আজি দেশৰ ৰাসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যই এক ভিডিঅ' বাৰ্তা যোগে এই কথা অৱগত কৰে । উল্লেখযোগ্য যে ২০১৪ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপতগ্ৰহণ কৰিয়েই ১০০ দিনীয়া অৰ্থনৈতিক পৰিক্ৰমাৰ মাজত ডিব্ৰুগড় জিলাৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে অনুমোদন জনাইছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণাৰ পিচতো অৱশ্য়ে বিগত ৮ বছৰে নিৰ্মাণ নহ'ল চতুৰ্থ গোটটো । সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থস্থাপন কৰা দাবীত বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

ইয়াৰ উপৰি বিগত বৰ্ষত কেন্দ্ৰীয় সাৰ দপ্তৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বন্ধ কৰা হ'ব বুলি প্ৰতিবেদন প্ৰকাশ কৰা পাচতে নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত প্ৰতিবাদ হৈছিল । ইয়াৰ পাচতে নামৰূপ সাৰ কাৰখানাটো বন্ধ নহয় বুলি জনাইছিল কেন্দ্ৰীয় ৰসায়নিক সাৰ দপ্তৰে । কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এই ঘোষণাই অসমৰ ৰাইজক আনন্দিত কৰিছে যদিও এই প্ৰতিশ্ৰুতি কিমান কাৰ্যকৰী হয় সেইয়া সময়ত হে লক্ষণীয় হ'ব ।

উল্লেখ্য় যে চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । এই নামৰূপ সাৰ কাৰখানাক পুনৰুদ্ধাৰৰ বাবে বাৰে বাৰে প্ৰতিবাদ কৰি আহিছে যদিও কাণসাৰ দিয়া নাছিল চৰকাৰ কৰ্তৃপক্ষই । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে এনে ঘোষণা কৰাটো ভোটৰ টোপ হ'ব পাৰে বুলিও ৰাইজৰ মাজত চৰ্চা হৈছে ।

লগতে পঢ়ক:সুৰক্ষিত ভৱিষ্যতৰ দাবীত সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.