ETV Bharat / state

নগাঁৱত পুনৰ সক্ৰিয় হৈছে নেকি নাৰী সৰবৰাহকাৰী চক্ৰ ? বোৱাৰীসহ কেইবাগৰাকী যুৱতী, কিশোৰী নিৰুদ্দেশ - Students Missing

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 8:50 PM IST

Dhing Students Missing
সক্ৰিয় হৈ পৰিছে নেকি বহিঃৰাজ্যৰ নাৰী সৰবৰাহকাৰী চক্ৰ (ETV BHARAT ASSAM)

নগাঁৱৰ ধিঙৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ বোৱাৰীসহ কেইবাগৰাকী যুৱতী, কিশোৰী। দুষ্টচক্ৰৰ কৱলত পৰাৰ সন্দেহ স্থানীয় একাংশৰ ।

ৰহস্যজনকভাৱে নিৰুদ্দেশ বোৱাৰীসহ কেইবাগৰাকী যুৱতী, কিশোৰী (ETV BHARAT ASSAM)

নগাঁও, 2 মে’ : নগাঁৱত পুনৰ সক্ৰিয় হৈ পৰিছে নেকি বহিঃৰাজ্যৰ কোনো নাৰী সৰবৰাহকাৰী চক্ৰ ? বিগত কেইদিনত নগাঁৱৰ কেৱল ধিং অঞ্চলৰ পৰাই বোৱাৰীসহ যুৱতী, কিশোৰী নিৰুদ্দেশ হোৱাৰ পিচতেই সচেতন মহলত উত্থাপন হৈছে এই প্ৰশ্নৰ ৷ বিগত মাত্ৰ কেইটামান দিনৰ ভিতৰতেই নগাঁৱৰ ধিং অঞ্চলৰ পৰাই তিনিগৰাকীকৈ বোৱাৰী, যুৱতী, কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নগাঁৱৰ ধিঙৰ লহকৰঘাটৰ এটা পৰিয়ালৰ দুগৰাকীকৈ কিশোৰী মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত ৷ ধিঙৰ লহকৰঘাটৰ জনৈক আবেদিন নামৰ ব্যক্তিজনৰ দুই জীয়ৰী ধিং বজাৰলৈ কিতাপ কিনিবলৈ বুলি ওলাই যোৱাৰ পাচৰ পৰাই সন্ধানহীন হৈ আছে ৷ কিন্তু আজি দুদিন ধৰি কিশোৰী দুগৰাকীৰ কোনো সন্ধান নোপোৱাত একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোত ৷ ধিং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অষ্টম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত দুই জীয়ৰীৰ সন্ধান নাপাই দিকবিদিক হেৰুৱাইছে কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোকে ৷

ইফালে একে দিনাই ধিঙৰ পৰা আন এগৰাকী বোৱাৰীও ধিং বজাৰলৈ যোৱাৰ পাচৰে পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাও পোহৰলৈ আহিছে ৷ দুগৰাকী কিশোৰীৰ পিচত আন এগৰাকী বোৱাৰীও নিৰুদ্দেশ হৈ থকাৰ তথ্য পোহৰলৈ অহাত সমগ্ৰ ধিং অঞ্চলত বিৰাজ কৰিছে আন এক চাঞ্চল্য ৷ এই সমগ্ৰ ঘটনাৰ আঁৰত নাৰীদেহ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ স্থানীয় লোকৰ ৷ ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সমগ্ৰ বিষয়টো আৰক্ষীয়ে গুৰুত্ব সহকাৰে ল’বলৈ স্থানীয় ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়ক : সোণাৰি আৰক্ষীৰ জালত পাঁচটা জুৱাৰী : বৃহৎ পৰিমাণৰ ধন জব্দ - Five Gamblers Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.