ETV Bharat / state

ভূমিকেন্দ্ৰিক সংঘাত; গুৰুতৰভাৱে আহত 8 জন - Nalbari land dispute

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:00 PM IST

two-brothers-fight-over-land-dispute-in-nalbari mukalmua
নলবাৰীত ভূমি বিবাদ (Etv bharat assam)

Nalbari land dispute: নলবাৰীৰ 3 নং কান্ধবাৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট । মাৰপিটত প্ৰতিপক্ষৰ আক্ৰমণত গুৰুতৰভাৱে আহত 8 জন ৷ 3 জনক GMCH লৈ প্ৰেৰণ ।

নলবাৰীত ভূমি বিবাদ (Etv bharat assam)

নলবাৰী, 8 মে’: ভূমি বিবাদৰ চৰম পৰিণতি ৷ এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত চৰম সংঘাত ৷ নলবাৰী জিলাৰ মুকালমুৱাৰ 3 নং কান্ধবাৰীত দুই ভাতৃৰ মাজত সংঘটিত হয় ভূমি বিবাদৰ ঘটনা । এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুই ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । এই মাৰপিটৰ ঘটনাত দুয়োটা পৰিয়ালৰে মুঠ 8 গৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে, 3 নং কান্ধবাৰীৰ হানিফ আলী আৰু লালমামুদ আলী নামৰ দুই ভাতৃৰ মাজত পূৰ্বৰে পৰা ভূমি বিবাদ চলি আছিল । বুধবাৰে এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুয়ো ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । মাৰপিটৰ ঘটনাত দুয়োটা পৰিয়ালৰে 8 গৰাকী লোক গুৰুতৰভাবে আহত হয় । আহতসকল হ’ল লালমামুদ আলী, হাইদ আলী, জেহেৰুল আলী, হানিফ আলী, ভইলা খাতুন, বাহৰুল ইছলাম, মৰণ আলী আৰু কৰম আলী ।

আহত আটাইকেইজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে তিনিজনৰ অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে GMCH লৈ প্ৰেৰণ কৰিছে বুলি স্থানীয় লোকে জনায় । সম্প্ৰতি ঘটনাস্থলীত মুকালমুৱা আৰক্ষী থানাৰ আৰক্ষীৰ লগতে সেনাবাহিনীৰ লোকক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়ন কৰা হৈছে ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, দুই ভাতৃৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত দীৰ্ঘদিনীয়া ৷ নিষ্পত্তি নোহোৱা ভূমিত হাত দিবলৈ যোৱাৰ বাবেই দুই ভাতৃৰ মাজৰ সংঘাতে বুধবাৰে চৰম পৰ্যায় পায় বুলিও স্থানীয় লোকে জনায় ৷

লগতে পঢ়ক: ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট; আহত প্ৰায় 20 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.