ETV Bharat / state

ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট; আহত প্ৰায় 20 জন

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 1:40 PM IST

clash between two groups for land disputes in cachar
ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট

Land disputes : ভূমি বিবাদক কেন্দ্ৰ কৰি কাছাৰৰ বৰখলা বুড়িবাইলত দুপক্ষৰ মাজত তুমুল সংঘৰ্ষ । হাতত দা, লাঠি লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ আহত উভয় পক্ষৰ 20 জনকৈ লোক । ইয়াৰে মাজত কেইবাজনৰ অৱস্থা সংকটজনক ।

ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট

কাছাৰ, 5 জানুৱাৰী : ভূমি বিবাদক কেন্দ্র কৰি ৰণক্ষেত্ৰত পৰিণত হ’ল কাছাৰৰ বৰখলা বুড়িবাইল অঞ্চল । দুই পক্ষৰ তুমুল সংঘৰ্ষত আহত হয় প্ৰায় 20 জনকৈ লোক । প্রাপ্ত খবৰ অনুসৰি, বুড়িবাইল তৃতীয় খণ্ড গাঁৱৰ নাজিম উদ্দিন আৰু নূৰ আলীৰ মাজত দীর্ঘদিন ধৰি ভূমিকেন্দ্ৰিক বিবাদ চলি আহিছে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে আদালতৰ নির্দেশত 12 বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছিল প্রশাসনে আৰু এই 12 বিঘা ভূমিত থকা 15 টা পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদ কৰি প্ৰশাসনে আদালতৰ নিৰ্দেশত ভূমি চমজাই দিছিল নাজিম উদ্দিন পক্ষক ৷

আদালতৰ নিৰ্দেশত ভূমি পোৱাৰ পাছত এই ভূমিত শাক-পাচলি খেতি আৰম্ভ কৰিছিল নাজিম উদ্দিন পক্ষই । কিন্তু, দেওবাৰে পুনৰ এই ভূমিক কেন্দ্ৰ কৰি নাজিম উদ্দিন আৰু নূৰ আলী পক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয় । হাতত দা, লাঠিকে ধৰি বিভিন্ন চোকা অস্ত্ৰৰে এক পক্ষই আন পক্ষলৈ লক্ষ্য কৰি চোঁচা লয় আৰু আক্রমণ চলায় । কার্যতঃ ৰণক্ষেত্ৰৰ ৰূপ ধাৰণ কৰে বুড়িবাইল অঞ্চলটোৱে ।

দুইপক্ষৰ ভয়ংকৰ এই মাৰপিটত প্ৰায় 20 জনৰো অধিক লোক আহত হয় । আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । ইয়াৰে মাজত কেইবাজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় । ইপিনে, ভয়ংকৰ এই মাৰপিটৰ পাছত উভয় পক্ষই ৰুজু কৰিছে গোচৰ ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলায় ঘটনাস্থলীৰ পৰা দা, লাঠি সহ বিভিন্ন অস্ত্ৰ জব্দ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বাঘবৰৰ কাপাহতুলি গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট, আহত ১১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.