ETV Bharat / state

বাঘবৰৰ কাপাহতুলি গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট, আহত ১১

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 3:45 PM IST

Land Dispute : বাঘবৰৰ কাপাহতুলি গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট । মাৰপিটত গুৰুতৰভাৱে আহত ১১ জন । আহত আটাইকেইজনক সংকজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি । আলোপতি আৰক্ষী থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল ।

Land Dispute
ভূমি বিবাদ

ভূমি বিবাদ

জনিয়া, ৪ জানুৱাৰী : বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰ আৰু আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত কাপাহতুলি গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট । উক্ত মাৰপিটত গুৰুতৰভাৱে আহত হয় ১১ জন লোক ।

ঘটনাৰ বিৱৰণি অনুসৰি, কাপাহতুলি গাঁৱৰ নুৰ মহম্মদ আৰু সাজাহান আলীয়ে দখলকৃত মাটিত বহু বছৰৰ পৰা খেতি কৰি আহিছিল । প্ৰতি দিনাৰ দৰে চলিত মাহত ১ জানুৱাৰীত দিনৰ প্ৰায় ২ বজাত নিজৰ দখলীকৃত মাটিত খেতি কৰিবলৈ ঘৰৰ পৰা ওলাই যায় নুৰ মহম্মদ আৰু সাজাহান আলী । ইমানখিনিলৈকে সকলো ঠিকেই আছিল ৷

কিন্তু আদবাটতে তেওঁলোকক আগচি ধৰে জিয়াউল হক, মইদ আলী, ৰুস্তম আলী, বক্তাৰ আলী, ইব্ৰাহিম আলী, জৰিপ আলী, মদু আলী, কচেৰ আলী, শিক্ষক দেলুৱাৰ, চৈয়দ আলীৰ লগতে কেবাজনো লোকে ৷ অভিযোগ অনুসৰি, নুৰ মহম্মদ আৰু সাজাহান আলীৰ দখলীকৃত মাটিখিনি নিজৰ নামত কৰিবলৈ বিচাৰিছে জিয়াউল হক, মইদ আলীৰ লগতে আন কেবাজনো লোকে ৷

সেয়ে ১ জানুৱাৰীৰ দিনা নুৰ মহম্মদ আৰু সাজাহান আলীৰ ওপৰত আক্ৰমণ কৰে জিয়াউল হক, মইদ আলী, ৰুস্তম আলী, বক্তাৰ আলী, ইব্ৰাহিম আলী, জৰিপ আলী, মদু আলী, কচেৰ আলী, শিক্ষক দেলুৱাৰ, চৈয়দ আলীৰ লগতে কেইবাজনো লোকে ৷ এই অভিযোগ ভুক্তভোগী নুৰ মহম্মদ আৰু সাজাহান আলীৰ ৷

ইফালে নুৰ মহম্মদ আৰু সাজাহান আলীক প্ৰহাৰ কৰাৰ কথা গম পাই ছাবিয়া খাতুন, কুৰান আলী, সাহিদা খাতুন, ৰবিউল ইছলাম, জিয়াওৰ হক, নজৰুল ইছলাম, হাচেন আলী, সোনা মিয়া, শান্ত ভানুয়ে তেওঁলোকক বচাবলৈ আগবাঢ়ি যায় ৷ কিন্তু নুৰ মহম্মদ আৰু সাজাহান আলীৰ পৰিয়ালৰ লোকক অভিযুক্তকেইজনে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ৷ ফলত কেবাজনো লোক আহত হয় ৷

পৰৱৰ্তী সময়ত আহত আটাইকেইজনক কাষৰীয়া কেইজনমান লোকে ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ তথ্য অনুসৰি, আহত আটাইকেইজন বৰ্তমানলৈকে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

ইফালে অভিযুক্তৰ দলটোৱে নুৰ মহম্মদৰ ঘৰ-বাৰী ভঙাৰ লগতে তেওঁৰ ঘৰত থকা এখন ট্ৰেক্টৰো ভাঙি পেলায় ৷ লগতে নুৰ মহম্মদৰ ঘৰৰ পৰা নগদ ধন তিনি লক্ষাধিক টকা লুটি লৈ যায় বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে বুধবাৰে সন্ধিয়া আলোপতি চৰ আৰক্ষী থানাত ন্যায় বিচাৰি দাখিল কৰে এক এজাহাৰ । এতিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : হিট এণ্ড ৰানৰ বিৰোধিতাৰে অসমত মটৰ শ্ৰমিকৰ ৪৮ ঘন্টীয়া চকা বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.