ETV Bharat / state

লখিমপুৰত তৃণমূল কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ - LOK SABHA ELECTIONS

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 5:29 PM IST

Updated : Mar 22, 2024, 7:31 PM IST

Lok Sabha Elections 2024
লখিমপুৰত তৃণমূল কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

Lok Sabha Elections 2024: লখিমপুৰ লোকসভা সমষ্টিৰ বাবে তৃণমূল কংগ্ৰেছে ঘনকান্ত চুতীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । দলটোৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । সীমান্ত সমস্যা, বৃহৎ নদীবান্ধৰ সমস্যা আদিক ইছ্যু হিচাপে দলে ।

লখিমপুৰত তৃণমূল কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

লখিমপুৰ,২২ মাৰ্চ : ৰাজ্যৰ প্ৰতিটো সমষ্টিত লোকসভা নির্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে । বাকী সমষ্টিসমূহৰ দৰে ১২ নং লখিমপুৰ লোকসভা সমষ্টিতো ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । শাসকীয় বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে মূল বিৰোধী দল কংগ্রেছে এই পৰ্যন্ত প্ৰাৰ্থীৰ নামেই ঘোষণা কৰিব পৰা নাই । আনহাতে তৃণমূল কংগ্রেছেও সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাইছে ।

বৰ্তমান বিজেপি দলৰ বিপৰীতে তৃণমূল কংগ্রেছে হে সমষ্টিটোত বেছিকৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । সীমান্ত সমস্যা, বৃহৎ নদীবান্ধ আদি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি ভোটাৰৰ কাষ চাপিব তৃণমূল কংগ্রেছ দল । সম্প্রতি লোকসভা নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীব্ৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । প্ৰতিটো দলে ৰণকৌশল প্ৰস্তুত কৰি নিজা প্ৰাৰ্থীৰ সপক্ষে জনমত গঠনৰ প্ৰস্তুতিত দিনে নিশাই পৰিশ্ৰম কৰিছে ৷

১২ নং লখিমপুৰ লোকসভা সমষ্টিত শীর্ষত আছে শাসকীয় বিজেপি দল । দলটোৱে ইতিমধ্যে গাঁৱে ভূঞে ৰাইজৰ মাজত সোমাই পৰি দলীয় প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলাইছে । বিৰোধী দল কংগ্রেছে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই । বিজেপিৰ লগে লগে তৃণমূল কংগ্রেছেও প্ৰচাৰ চলাই আছে । দলটোৱে ইতিমধ্যে ঘনকান্ত চুতীয়াক সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী প্ৰচাৰত জড়িত হৈ পৰিছে ।

দলৰ জিলা সভাপতি লেখন বুঢ়াগোঁহাইয়ে সংবাদমাধ্যমক অৱগত কৰিছে যে তৃণমূল কংগ্রেছে বৃহৎ নদীবান্ধ, সীমান্ত সমস্যা আদি সমস্যা সমাধানৰ লক্ষ্য আগত ৰাখিয়ে ভোটাৰৰ কাষ চাপিছে । বান, নিবনুৱা আদি সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতিও দিছে দলটোৱে । আগন্তুক নিৰ্বাচনত তৃণমূল কংগ্রেছে এনে প্ৰতিশ্ৰুতিৰে সমষ্টিটোত জনমত গঠন কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :বিজেপিয়ে পাকিস্তানৰ কোম্পানীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ - Bhupen Borah On Electoral Bonds

Last Updated :Mar 22, 2024, 7:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.