ETV Bharat / state

জাতিৰ প্ৰতাৰকক ভোটদান নকৰিবলৈ ৰাইজলৈ আহ্বান টাই আহোম যুৱ পৰিষদৰ - Protest against CAA

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 10:37 PM IST

Updated : Mar 21, 2024, 10:44 PM IST

Protest against CAA
জাতিৰ প্ৰতাৰকক ভোটদান নকৰিবলৈ ৰাইজলৈ আহ্বান টাই আহোম যুৱ পৰিষদৰ

Protest against CAA : ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলন ৷ মৰাণত 'কা' বাতিল আৰু জনজাতিকৰণৰ দাবীত 'টাইপা'ৰ বৃহৎ প্ৰতিবাদী সমদল ৷

জাতিৰ প্ৰতাৰকক ভোটদান নকৰিবলৈ ৰাইজলৈ আহ্বান টাই আহোম যুৱ পৰিষদৰ

মৰাণ, 21 মাৰ্চ : কেন্দ্ৰীয় চৰকাৰে যোৱা 11 মাৰ্চত সমগ্ৰ দেশৰ লগতে অসমটো কা বিধি বলৱৎ কৰাৰ পিচতে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিল আৰু আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মৰাণত এক বিশাল প্ৰতিবাদী সমদল উলিয়াই টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ 'টাইপা'ই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উজনিৰ বিভিন্ন জিলাৰ পৰা অহা টাইপা সদস্যসকলে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰীসকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ৷ মৰাণ লায়ন্স ক্লাৱৰ পৰা মৰাণ নগৰৰ ট্ৰেফিক তিনিআলিলৈকে সমদল কৰাৰ পাচত ৰাজপথতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কোনো কাৰণতে 'কা' আইন মানি নোলোৱাৰ অংগীকাৰ কৰে টাইপা নেতৃত্বত ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, উপসভাপতি উত্তম দিহিঙীয়া, সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইয়ে নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷ তদুপৰি জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ কৰি বিজেপি দল আৰু চৰকাৰক কঠোৰ সমালোচনা কৰে ৷

আনহাতে চৰকাৰ চলাই থকা জাতিক প্ৰতাৰকসকলক ভোটদান নকৰিবলৈও ৰাইজৰ প্ৰতি আহ্বান জনাই টাইপা নেতৃত্বই ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি উদ্দীপজ্যোতি গগৈ আৰু প্ৰাক্তন সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে অংশগ্ৰহণ কৰে ৷

'কা'-ৰ পটভূমিতেই অসম জাতীয় পৰিষদৰ জন্ম আৰু অসম জাতীয় পৰিষদে কা'-ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিয়ে উদ্দীপজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক: CAA বিৰোধী আবেদন প্ৰত্যাহাৰ কৰিব ৰাজস্থান চৰকাৰে: ভজনলাল শৰ্মা

Last Updated :Mar 21, 2024, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.