ETV Bharat / state

আমবাৰীৰ বস্ত্ৰ ভৱনৰ বাকৰিত তাঁত বিহু উদযাপন - Rongali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 7:28 PM IST

Taat celebration at Bastra Bhawan in Ambari, Guwahati
আমবাৰীৰ বস্ত্ৰ ভৱনৰ বাকৰিত তাঁত বিহু উদযাপন

Taat Bihu: পোন প্ৰথমবাৰৰ বাবে আমবাৰীৰ বস্ত্ৰ ভৱনৰ বাকৰিত উদযাপন কৰা হয় তাঁত বিহু । অসমীয়া শিপিনীসকলে হাতে বোৱা গামোচা আৰু চাদৰ মেখেলা ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ সঞ্চালক পৰাগমণি মহন্তই ।

আমবাৰীৰ বস্ত্ৰ ভৱনৰ বাকৰিত তাঁত বিহু উদযাপন

গুৱাহাটী,১৬ এপ্ৰিল: আজি তাঁত বিহু । পৰম্পৰা অনুসৰি চ'তৰ শেষৰ দিনাৰ পৰা বা সংক্ৰান্তিৰ পৰা ব'হাগৰ ছয় তাৰিখলৈ সাত বিহু উদযাপন কৰে কৃষিজীৱি অসমীয়াই । এই সাত বিহুৰ অন্যতম হৈছে তাঁত বিহু । ইয়াক সাত বিহুৰ চতুৰ্থ দিনা পালন কৰা হয় । এইবেলি, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে পোন প্ৰথমবাৰৰ বাবে আমবাৰীৰ বস্ত্ৰ ভৱনৰ বাকৰিত আয়োজন কৰা হয় তাঁত বিহু ।

বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে পৰম্পৰাগত সাজেৰে আহি বস্ত্ৰ ভৱনত থকা তাঁত শালসমূহ সজাই-পৰাই তুলি আৰু ধূপ-ধূনা চাকি-বন্তি জ্বলাই পূজা-অর্চনা কৰিছে । তাঁত বিহু উপলক্ষে বিহুসুৰীয়া গীত-মাত, হুঁচৰিৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় । ইয়াৰ পূৰ্বে তাঁত বিহুৰ তাৎপর্য আৰু পৰম্পৰা এই বিষয়ৰ ওপৰত বিশেষ বক্তৃতা প্রদান কৰে অসম টেক্সটাইল ইনষ্টিটিউটৰ জ্যেষ্ঠ শিক্ষক তথা বিশিষ্ট নিবন্ধকাৰ ৰবীন খাটনিয়াৰে ।

অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে মুকলি কৰে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই । তেওঁ সংবাদমাধ্যমৰ আগত কয় যে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে পোন প্ৰথমবাৰৰ বাবে তাঁত বিহু আয়োজন কৰিছে । এই অনুষ্ঠানৰ জৰিয়তে তাঁত শিল্পক সজীৱ কৰি ৰাখিব বিচাৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

বিভাগীয় সঞ্চালক পৰাগমণি মহন্তই আদৰণি ভাষণ আগবঢ়াই তাঁত বিহু উদযাপনৰ উদ্দেশ্যৰ কথা উল্লেখ কৰি ব'হাগ বিহুৰ এটা দিন তাঁতশালখনৰ নামত উচৰ্গা কৰা মানে ইয়াৰ লগত জড়িত অসমৰ শিপিনীসকলক সন্মান প্ৰদৰ্শন কৰা হয় বুলি মন্তব্য আগবঢ়াই । অসমীয়া শিপিনীসকলে হাতে বোৱা গামোচা আৰু চাদৰ মেখেলা ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় সঞ্চালকগৰাকীয়ে ।

লগতে পঢ়ক: বাঁহ বজাই হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱা - HAIDANG HUSORI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.