ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ ৫ টা চৰ্ত নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 9:27 PM IST

Sherman Ali on CM: লুকাই-চুৰকৈ নহয়, মুকলিকৈ মুখ্যমন্ত্ৰীক সমৰ্থন দিব বিধায়ক শ্বেৰমান আলীয়ে । মাথো মুখ্যমন্ত্ৰীয়ে মানিব লাগিব তেওঁৰ ৫ টা চৰ্ত ৷

Sherman Ali on CM
মুখ্যমন্ত্ৰীলৈ ৫ টা চৰ্ত নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ

মুখ্যমন্ত্ৰীলৈ ৫ টা চৰ্ত নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ

গুৱাহাটী, ২১ফেব্ৰুৱাৰী : “মোৰ ৫ টা চৰ্ত মানিলে 126 খন আসন উপহাৰ দিম মুখ্যমন্ত্ৰীক । মই আগৰণুৱা হৈ কাম কৰিম তাৰ বাবে । কিন্তু তেওঁ মোৰ ৫ টা চৰ্ত মানিব লাগিব । চৰ্ত অনুসৰি, চৰৰ মাটিৰ পট্টা দিয়ক, গৰাখহনীয়া ৰোধ কৰক, খহনীয়াগ্ৰস্ত লোকক সংস্থাপন দিয়ক, নেলী-চাউলখোৱা-বাঁশবাৰী আদিৰ মানুহক ন্যায় দিয়ক, ৱাকফ বৰ্ডৰ সম্পত্তি উদ্ধাৰ কৰক, এই 5 টা কাম কৰিলে ইতিহাস ৰচনা হ’ব । তেতিয়া বিজেপিক সকলোৱে ভোট দিব ৷ মুখ্যমন্ত্ৰীয়ে যদি সংখ্যালঘুক নিৰাপত্তা দিয়ে তেন্তে লুকাই-চুৰকৈ নহয়, মুকলিকৈ বিজেপি কৰিম, মুখ্যমন্ত্ৰীক সমৰ্থন দিম ৷ এয়া শ্বেৰমান মডেল ৷" কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে বুধবাৰে এই মন্তব্য প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰোপৰি কংগ্ৰেছ দলৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী । তেওঁ কয় যে, ভূপেন কুমাৰ বৰাই যি কৰিছে ফুটুকাৰ ফেন ৷ কংগ্ৰেছে সকলোকে মানসিকভাৱে শক্তিশালী কৰক । নহ’লে ৱাৰ ৰূম বনাই কি লাভ ? কংগ্ৰেছৰ চকু ক্ষমতা, গাদী আৰু টকাতহে নিৱদ্ধ ৷

লগতে শ্বেৰমান আলীয়ে অভিযোগ কৰি কয় যে, কংগ্ৰেছে নীতি-আদৰ্শৰ পৰা আঁতৰি গৈ আছে । কংগ্ৰেছে সকলোকে প্ৰশিক্ষণ দিয়ক ৷ কংগ্ৰেছ আগতে ৰাইজৰ সেৱা কৰা দল আছিল, এতিয়া নাই ।

আনহাতে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ প্ৰশংসাত পঞ্চমুখ হৈ শ্বেৰমানে দাবী কৰে যে, এইবাৰ লোকসভা নিৰ্বাচনত ধুবুৰীত বিপুল ভোটত আজমল জিকিব । আজমলৰ কোনো প্ৰতিদ্বন্দী নাই।

“ৰকিবুলক দেখাই-শুনাই বৰ ডাঙৰ নেতা যেন লাগে ৷ কিন্তু তেঁওৰ কোনো গণভিত্তি নাই । ধুবুৰীত লোকসভা নিৰ্বাচন খেলিলে ১ লাখ মান ভোট পালেও আচৰিত হ’ব লাগিব । ৱাকফ বৰ্ডৰ সম্পত্তিৰ উদ্ধাৰতো বাদেই, তেঁও ৱাকফ বৰ্ডৰ দুটাকৈ সম্পত্তি দখল কৰিহে ৰাখিছে । কংগ্ৰেছে মোক নিলম্বিত কৰিছে ৷ মই মুক্ত চৰাই ৷ এনেকৈয়ে থাকিম মই ।”— ৰকিবুল হুছেইনক এইদৰে ক্ষুৰধাৰ সমালোচনা কৰে শ্বেৰমান আলীয়ে ৷

লগতে পঢ়ক: ভূপেন বৰাৰ বাবে আৰু এটা বেয়া খবৰ: মুখ্যমন্ত্ৰীক গোপনে সাক্ষাৎ দাদু টায়েৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.