ETV Bharat / state

ষ্ট্ৰং ৰূমত আৱদ্ধ ৰাজ্যৰ ভৱিষ্যত - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 2:03 PM IST

LOK SABHA ELECTION 2024
ষ্ট্ৰং ৰূমত আৱদ্ধ ৰাজ্যৰ ভৱিষ্যত (Etv Bharat ASSAM)

LOK SABHA ELECTION 2024 : অসমত অন্ত পৰিল তিনিটা পৰ্যায়ৰ ভোটগ্রহণ । ভোটগ্রহণ সমাপ্ত হোৱাৰ লগে লগে জিলাই জিলাই ই ভি এমসমূহ কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে । পিছে এই ষ্ট্ৰংৰূম সমূহৰ সুৰক্ষা ব্যৱস্থা কেনেকুৱা ? সুৰক্ষা ব্যৱস্থাক লৈ সন্তুষ্ট নে ৰাজনৈতিক দলসমূহ ? এক বিশেষ প্ৰতিবেদন...

ষ্ট্ৰং ৰূমত আৱদ্ধ ৰাজ্যৰ ভৱিষ্যত (Etv Bharat ASSAM)

লখিমপুৰ, ৮ মে’ : দেশত এতিয়া নিৰ্বাচনী জ্বৰ । 7 মে’ ত অসমত অন্ত পৰিল তিনিটা পৰ্যায়ৰ ভোটগ্রহণ । অসমত 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে’ ত মুঠ তিনিটা পৰ্যায়ত 14 টা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হয় ৷ এক অভিলেখসংখ্যক হাৰত ভোটদান হয় অসমত । তৃতীয় পৰ্যায়ত অসমত 81.71% ভোটদান হয় । এই হাৰ দেশৰ ভিতৰতে সৰ্বাধিক হিচাপে পৰিগণিত হৈছে ।

ভোটগ্রহণ সমাপ্ত হোৱাৰ লগে লগে ই ভি এমসমূহ জিলাই জিলাই কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে । এতিয়া ষ্ট্ৰংৰূম সমূহত বন্ধ হৈ আছে ৰাজ্যৰ ভৱিষ্যত ৷ কঠোৰ সুৰক্ষা বেষ্টনীত ৰখা হৈছে ষ্ট্ৰংৰূম সমূহ ।

পিচে এই ষ্ট্ৰংৰূমসমূহত সুৰক্ষিত নে ই ভি এমসমূহ ? সুৰক্ষা ব্যৱস্থাক লৈ সন্তুষ্ট নে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ । তাৰোপৰি বিভিন্ন দলৰ প্ৰতিনিধিও নিয়োগ কৰা হৈছে ষ্ট্ৰং ৰূমত । তেওঁলোকেও অহৰ্নিশে ষ্ট্ৰং ৰূমত চকু ৰাখিছে ।

লখিমপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত স্থাপন কৰা ষ্ট্ৰংৰূমতো কঠোৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে । এই ষ্ট্ৰং ৰূমত অহৰহ চকু ৰখা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ষ্ট্ৰং ৰূমৰ সুৰক্ষা ব্যৱস্থাক লৈ সন্তষ্টি প্ৰকাশ কৰে ।

কোনো ধৰণৰ খুঁট নৰখাকৈ ষ্ট্ৰং ৰূমটোত সুৰক্ষা ব্যৱস্থা কৰা হৈছে বুলি ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে সন্তুষ্টি প্ৰকাশ কৰে । অহা 4 জুনতহে খোল খাব ষ্ট্ৰং ৰূমৰ দুৱাৰ । সেইদিনাই নতুনকৈ নিৰ্ণয় হ’ব দেশৰ নতুন এক ভৱিষ্যৎ । 4 জুনৰ দিনটোত জনসাধাৰণে ভাগ্য নিৰূপণ কৰি দিয়া জন প্ৰতিনিধিসকলে পৰৱৰ্তী সময়ত দেশৰ সাংসদ হ’ব ।

লগতে পঢ়ক: দুয়োহাত নাই; ভৰিৰে ইভিএম টিপি গণতন্ত্ৰ ৰক্ষাৰ যুঁজৰ অংশীদাৰ হ'ল অংকিত - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.